Breaking

অসমত উপস্থিত বাংলাদেশৰ ১৬ বছৰ অনুৰ্ধ্ব ক্ৰিকেট দল

0 1,585

৩ খন এদিনীয়া আৰু ২ খন তিনিদিনীয়া খেলৰ ভ্ৰমণ সূচী লৈ অসমত উপস্থিত বাংলাদেশৰ ১৬ বছৰ অনুৰ্ধ্ব ক্ৰিকেট দল।২২ জনীয়া বাংলাদেশী দলটোত আছে ১৬ জন খেলুৱৈ।প্ৰথম বাৰৰ বাবে অসমলৈ অহা ১৬ বছৰ অনুৰ্ধ্ব বাংলাদেশী ক্ৰিকেট দলটোৱে অসম ক্ৰিকেট সন্থাৰ ১৬ বছৰ অনুৰ্ধ্ব দলটোৰ সৈতে নিৰ্দ্ধাৰিত যুজঁত অৱতীৰ্ণ হ’ব।

ইতিমধ্যে, শৃংখলাৰ প্ৰথম খন তিনিদিনীয়া খেল আমিনগাৱৰ ক্ৰিকেট ফিল্ডত অনুষ্ঠিত হৈছে ।আমিনগাঁৱৰ ক্ৰিকেট ফিল্ডত বাংলাদেশী দলটোৱে বেট,বল,ফিল্ডিং সকলো দিশত উজলি উঠিব সক্ষম হৈছে।

বাংলাদেশী ক্ৰিকেট দলটোক দেৱাশীস সৰকাৰে নেতৃত্ব দিয়াৰ বিপৰীতে অসম দলটোক নেতৃত্ব দিছে হৃষিকেশ দাসে।দ্বিতীয় খন তিনিদিনীয়া অহা ৩ আগষ্টৰ পৰা আমিনগাঁৱত অনুষ্ঠিত হোৱাৰ বিপৰীতে আটাইকেইখন এদিনীয়া ৮ আগষ্টৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

Leave A Reply