Breaking

নিৰ্বাচনী লেনদেনৰ সন্দৰ্ভত নাজিৰাৰ মহকুমাধিপতিৰ সৈতে বেংক বিষয়াৰ সভা

0 2,020

অহা ইং ২৭ মাৰ্চত অনুষ্ঠিত হব লগা বিধান সভা নিৰ্বাচনৰ  আচৰণ বিধি সম্পৰ্কে নাজিৰাৰ অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্তই নাজিৰাৰ বেংক বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয়।  উপায়ুক্ত গৰাকীয়ে টকাৰ লেনদেনৰ ক্ষেত্ৰত বেংক বিষয়া সকলক তৃক্ষ্ণ দৃষ্টি ৰাখিবৈ নিৰ্দেশ দিয়ে। এক লাখ টকাৰ ওপৰত হোৱা লেন-দেনৰ বিষয়ে মহকুমা উপায়ুক্তৰ কাৰ্যালয়ত অৱগত কৰিবলৈ জনায়। লগতে ১০ লাখ টকাৰ ওপৰত লেন-দেন হলে তাৎক্ষণিক ভাৱে আয়কৰ বিভাগক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও চাহ বাগানৰ কৰ্মচাৰীৰ দা-দৰমহাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।এইক্ষেত্ৰত মহকুমাধিপতি গৰাকীয়ে বিভিন্ন বেংক কৰ্মচাৰী সকলৰ সহায় সহযোগিতা কামনা কৰে ।

Leave A Reply