Breaking

ৰেষ্টুৰেণ্টত নিষিদ্ধ মোবাইল ফোন । ক’ত, কিয় এই সিদ্ধান্ত…

0 65

ৰেষ্টুৰেণ্টত নিষিদ্ধ মোবাইল ফোন । ক’ত, কিয় লৈছে এই সিদ্ধান্ত…। আজিকালি প্ৰায় লোকে খাদ্য পৰিবেশন কৰাৰ সময়তো মানুহে মোবাইল ব্যৱহাৰ কৰি থাকে। এনে সময়ত অসুবিধা সন্মুখীন হয় ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষ। এই সমস্যাৰ পৰা হাত সাৰিবলৈ জাপানৰ টকিঅ’ত অৱস্থিত ডেবু-চান নামৰ এখন ৰেষ্টুৰেণ্টে গ্ৰাহকৰ বাবে বান্ধি দিছে এক নিয়ম।

টকিঅ’ৰ এই ৰেষ্টুৰেণ্টখনে খাদ্য খোৱাৰ সময়ত ফোন ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। অৰ্থাৎ এতিয়া এই ৰেষ্টুৰেণ্টখনলৈ যিয়েই খাদ্য খাবলৈ আহিব, তেওঁ খাই উঠি নোযোৱালৈকে ফোনটো ব্যৱহাৰ কৰিব নোৱাৰিব। আপুনি হয়তো ভাবিছে যে এই সিদ্ধান্তৰ আঁৰৰ কাৰণ কি? আচলতে ৰেষ্টুৰেণ্টত ফোন ব্যৱহাৰ কৰাৰ বাবেই মানুহে খাদ্য খোৱাত বহু সময় কটায়। কেতিয়াবা ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহি থাকে। ইয়াৰ বাবেই ৰেষ্টুৰেণ্টখনলৈ অহা নতুন গ্ৰাহকৰ লাইন বাঢ়ি গৈ থাকে আৰু ভিৰ দেখি একাংশ লোকেও আন বেলেগ ৰেষ্টুৰেণ্টলৈ ওলাই যায়, যাৰ বাবে ৰেষ্টুৰেণ্টখনৰ লোকচান হয়। এই কাৰণেই টকিঅ’ৰ এই ৰেষ্টুৰেণ্টখনে এই নিয়ম বান্ধি দিছে। আনহাতে বিশেষজ্ঞসকলে ৰেষ্টুৰেণ্টখনৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।

ৰেষ্টুৰেণ্টখনৰ মালিকসকলে লক্ষ্য কৰিছিল যে খাদ্য পৰিবেশন কৰাৰ পিছতো মানুহে খাদ্য নাখায় আৰু মোবাইল ব্যৱহাৰ কৰি থাকে।সেইবাবে ৰেষ্টুৰেণ্টখনত মোবাইল ফোন নিষিদ্ধ কৰিবলগীয়া হ’ল। ছ’চিয়েল মিডিয়াত একাংশ লোকে ৰেষ্টুৰেণ্টখনৰ এই পদক্ষেপৰ শলাগ লৈছে, আনহাতে একাংশই ভুল আখ্যা দিছে। একাংশ বিশেষজ্ঞৰ মতে টকিঅ’ৰ ৰেষ্টুৰেণ্টখনে গ্ৰহণ কৰা এই পদক্ষেপ আদৰণীয়। ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ সময়ত ফোন নিষিদ্ধ কৰাৰ পদক্ষেপকো শলাগ লয়।

বিশেষজ্ঞসকলে কয় যে আজিৰ যুগত ফোনটো আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। বিশেষজ্ঞসকলে কয় যে খাদ্য খোৱাৰ সময়ত ফোন ব্যৱহাৰ কৰাটো কেৱল এটা বেয়া অভ্যাসে নহয়, ই আমাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক।

Leave A Reply