Breaking

কেদাৰনাথ ধামত নিষিদ্ধ ভিডিঅ’গ্ৰাফী, ফটোগ্ৰাফী। এই সিদ্ধান্ত মন্দিৰ সমিতিৰ…

0 75

ফটো উঠি, ৰিল বনাই ভালপোৱা সকলৰ বাবে এক বেয়া খবৰ। কেদাৰনাথ মন্দিৰলৈ গ’লে নোৱাৰিব ফটো আৰু ৰিল কৰিব। কেদাৰনাথ মন্দিৰ চৌহদত নিষিদ্ধ কৰা হৈছে ভিডিঅ’গ্ৰাফী আৰু ফটোগ্ৰাফী। উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰত ৰিল বনোৱা সকলৰ এতিয়া ভাল নহয়। উত্তৰাখণ্ডৰ শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে কেদাৰনাথ মন্দিৰৰ ভিতৰত ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফী নিষিদ্ধ কৰিছে। কেদাৰনাথ মন্দিৰ চৌহদৰ বিভিন্ন স্থানত মন্দিৰ সমিতিয়ে সতৰ্কবাণী ফলক লগাইছে যে যদি কোনো লোকে ফটো তুলি বা ভিডিঅ’ বনোৱা ধৰা পৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ বহু লোকে মন্দিৰৰ মৰ্যাদাৰ কথা নাভাবি ৰিল বনাইছিল। সেইবাবে মন্দিৰৰ চৌহতত এই কাৰ্য বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে।

কেদাৰনাথ মন্দিৰ চৌহদৰ বহু ঠাইত হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে বৰ্ড লগোৱা হৈছে, য’ত ভিডিঅ’গ্ৰাফী আৰু ফটোগ্ৰাফী নিষিদ্ধকৰণৰ তথ্য লিখা হৈছে। মন কৰিবলগীয়া বিষয় যে শেহতীয়াকৈ কেদাৰনাথৰ পৰা এনে বহু ৰিল আৰু ভিডিঅ’ ওলাইছিল য’ত কোনোবাই তেওঁৰ প্ৰেমিকাক প্ৰপ’জ কৰা দেখা গৈছিল আৰু কোনোবা দম্পতীয়ে একেলগে ফটো, ৰিল বনাই আনন্দ-ফূৰ্তি কৰা দেখা গৈছিল। এটা ভিডিঅ’ত মহিলাগৰাকীয়ে কেদাৰনাথ মন্দিৰৰ ভিতৰত নোট উৰুৱাই থকা দেখা গৈছিল। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।

ভক্ত সকলৰ এনে কাৰুকাৰ্যৰ বাবেই মন্দিৰ কৰ্তৃপক্ষই এনে সিদ্ধান্ত লয়।

Leave A Reply