Breaking

বৰালিমাৰী খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াৰ

0 1,260

মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৰালিমাৰীত আজি কিছু দিনৰ পৰা সংঘটিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেবাটাও পৰিয়ালৰ ঘৰ ভেটি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে বৰালিমাৰীৰ কালি মন্দিৰটোও খহনীয়াত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত যোৱা ২৩ জুলাইত  বৰালিমাৰীৰ খহনীয়াগ্ৰস্ত অঞ্চল টো পৰিদৰ্শন কৰে ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়াই। ৰাজহ চক্ৰ টোৰ নৱনিযুক্ত ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বলিয়াই অঞ্চল টো পৰিদৰ্শন কৰি কয় যে – বৰালিমাৰী অঞ্চল টোত চলি থকা খহনীয়া প্ৰতিৰোধৰ বাবে অস্হায়ী প্ৰতিৰোধ ব্যৱস্হা সম্পৰ্কে জিলা উপাযুক্তই  বিভাগীয় কৰ্তিপক্ষৰে ইতিমধ্যে আলোচনা কৰিছে। সদ্যহতে অঞ্চলটো ৰক্ষাৰ বাবে পাৰ্যমানে চেষ্টা কৰা হব। উল্লেখ্য যে বৰালিমাৰী অঞ্চল টোত দীৰ্ঘদিনৰ পৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে। আৰু প্ৰতি বছৰে অঞ্চল টোৰ ন – ন পৰিয়ালে খহনীয়াত আক্ৰান্ত হৈ ঘৰ ভেটি হেৰুৱাই আহিছে। বিগত সমষ চোৱাত বৰালিমাৰীৰ লগতে বৰালিমাৰী সমিপৱৰ্তী জেংপৰি আদি অঞ্চলতো বহু লোক সৰ্বস্বান্ত হৈছে খহনীয়াত।

Leave A Reply