Breaking

বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তী

0 134

অসমৰ শিক্ষা ক্ষেত্ৰৰ সমস্যা  সম্পূৰ্ণৰূপে সমাধান কৰিবলৈ আৰু ২০ বছৰ লাগিব৷ ২০ বছৰে আমি নিৰন্তৰ কাম কৰিব লাগিব৷ তাৰ মাজতে আমি যিখিনি অতি গুৰুত্বপূৰ্ণ বুলি ভাৱো এইখিনি বিদ্যালয় সমূহত ৰূপায়ণ কৰি যাব লাগিব৷ এই মন্তব্য লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ ৷

ধেমাজি জিলাৰ বৰদলনিৰ ঐতিহ্যমণ্ডিত বিদ্যালয় বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ তিনিদিনীয়া কাৰ্যসূচীৰ আজি আৰম্ভণি অনুষ্ঠানৰ দিনা পতাকা উত্তোলন কৰি তেওঁ এইদৰে মন্তব্য দিয়ে ৷ তেওঁ কয়- কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা নীতি ২০২০ অনুযায়ী অসমৰ সকলোবোৰ শিক্ষানুষ্ঠানক সামৰি লোৱা হ’ব আৰু বিদ্যালয় সমূহত ই লাইব্ৰেৰী আৰু ডিজিটেল পদ্ধতিৰ সুুবিধা সমূহ প্ৰদান কৰা হ’ব বুলিও তেওঁ দোহাৰে ৷ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাৰজত জয়ন্তীৰ আজিৰ কাৰ্যসূচী অনুযায়ী পুৱা ৬ বজাত প্ৰাতঃ সমদল উদ্বোধন কৰে মহাৰজত জয়ন্তী অভ্যৰ্থনা সমিতিৰ ক্ৰীড়া বিভাগৰ সভাপতি ঠগেন্দ্ৰ বৰগোঁহায়ে ৷ ৭ বজাত সামূহিক চাফাই কৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

পৰিচালনা কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যোগেশ্বৰ শৰ্মাই ৷ ৭-৩o বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত  প্ৰধান শিক্ষক পবিত্ৰ কুমাৰ বুঢ়াগোঁহায়ে ৷ ৭-৪০ বজাত গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে মহাৰজত জয়ন্তী্ৰ মুখ্য উপদেষ্টা দুলাল দাসে ৷ ৮- বজাত শ্ৰদ্বা্ঞ্জজলী অনুষ্ঠানৰ শুভাৰম্ভ কৰে বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্বাবধায়ক হেমন্ত চেতিয়াই ৷ 

৮-২০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰে মহাৰজত জয়ন্তীৰ কাৰ্যকৰী সভাপতি মোহন দাসে ৷ ৮-৩০ বজাত ৭৪ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷  ৯ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শন, ১০ বজাত প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰা হয় ৷ উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ ১০-২০ বজাত ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে স্বৰ্ণপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক শিৱপ্ৰসাদ দত্তই ৷

১০-৪৫ বজাত পতাকাৰ বেদী উন্মোচন কৰে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ দত্তই ৷ ১১-১৫ বজাত মণ্ডপ উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° সৰ্বেশ্বৰ চুতীয়াই ৷  ১১-৩০ বজাত হৰেণ চুতীয়া সোঁৱৰণি মঞ্চ উদ্বোধন কৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শিৰোমণি বৰুৱাই ৷  বিয়লিলৈ কৰ্মচাৰী সন্মিলন, গ্ৰন্থ উন্মোচন, অনু্ুুষ্ঠান অনুষ্ঠিত হয় ৷ নিশালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

Leave A Reply