Breaking

বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ দিন দুপৰতে বন্ধ থকাৰ অভিযোগ

0 1,112

বিদ্যুতৰ খুটা কঢ়িয়াই অনা এখন ট্ৰেলাৰে মহতিয়াই নিলে স্কুটী আৰোহীক।বৃহস্পতিবাৰে বিয়লি বৰপথাৰ নগৰৰ হস্পিটেল তিনিআলিত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।স্কুটী চলাই অহা দীপ বৰগোহাঁই নামৰ যুৱকজনৰ এটা ভৰিৰ ওপৰেৰে পাৰ হৈ যায় as 03b 1047 নম্বৰৰ ট্ৰাকখনে টানি লৈ অনা ট্ৰেলাৰ খনৰ চকা।দুৰ্ঘটনাৰ ফলত যুৱকজনৰ বাওঁ ভৰিটো সম্পূৰ্ণৰূপে ভাঙি যায়।বৰপথাৰ মৌজাৰ অন্তৰ্গত দুই নং টেঙানিৰ বাসিন্দা দীপ বৰগোহাঁই মাতৃৰ সৈতে আহিছিল বজাৰ কৰিবলৈ।দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰেলাৰখনৰ চালক আৰু হেণ্ডিমেনে ততাতৈয়াকৈ ওচৰতে থকা বৰপথাৰ ক্ষুদ্ৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰলৈ যুৱকজনক লৈ যোৱা হয় যদিও স্বাস্থ্য কেন্দ্ৰটো তলা বন্ধ হৈ আছিল।দিন দুপৰতেজৰুৰীকলীন বিভাগত চিকিৎসক বা চিকিৎসা কৰ্মী নথকা ঘটনাই এতিয়া স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাই দিছে।যুৱকজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ লৈ যায় পৰিয়ালৰ লোকে।

ইপিনে দুৰ্ঘটনাত সংঘটিত হোৱা ঠাইডোখৰত বৃহস্পতিবাৰৰ দিনটোত সাপ্তাহিক বজাৰ বহাৰ ফলত যথেষ্ট জনসমাগম হয় যদিও আৰক্ষীৰ লোক উপস্থিত নথকাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।

Leave A Reply