Breaking

বৰপেটা চহৰৰ মাজমজিয়াত মহিলা অধিবক্তাক চোকা অস্ত্ৰৰে হানি হত্যা…

0 1,100

বৰপেটা চহৰৰ মাজমজিয়া বিলৰতাৰি হাটীত সন্ধিয়া বাইকেৰে অহা তিনি জনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি খুচি এগৰাকী মহিলা অধিবক্তাক হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷চোকা অস্ত্ৰৰ আঘাতত  আহত ৰিনিমা বেগম নামৰ অধিবক্তা গৰাকীক লগে লগে বৰপেটা চিকিৎসা মহাবিদ্যালয়  হাস্পতাললৈ নিয়ে  তাতে মৃত বুলি ঘোষণা কৰে ৷

জানিব পৰা মতে, বৰপেটাৰ ভেল্লাৰ বাসিন্দা ৰিনিমা বেগমে বৰপেটা চহৰৰ আজাদ নগৰত থকা বায়েকৰ অসুস্হতাৰ হেতু  সন্ধিয়া  বৰপেটা চহৰৰ বিলৰতাৰি চ’কত থকা এগৰাকী চিকিৎসকৰ ওচৰলৈ নি চিকিৎসকৰ পৰা উভতি আহি নিজৰ বেলেনো গাড়ীত উঠিবলৈ ধৰোতেই বাইকত অহা তিনি জনীয়া এটি দুৰ্বৃত্তৰ দলে গাড়ীৰ ওচৰতে চোকা অস্ত্ৰৰে আঘাত কৰে ৷

ফলত গুৰুতৰ ভাবে আহত অধিবক্তা ৰিনিমা বেগমক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনে যদিওঁ চিকিৎসালয়ত মৃত বুলি ঘোষনা কৰে ৷জানিব পৰা মতে দীৰ্ঘ দিন ধৰি মাটি বাৰী সমপৰ্কীয়  এটা বিবাদ চলি আছিল ৷জানিব পৰা মতে, কিছুবছৰ পূৰ্বে বৰপেটা চহৰত অধিবক্তা গৰাকীক  এবাৰ আক্ৰমণ কৰিছিল ৷

Leave A Reply