সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি দেওবৰীয়া বন্ধৰ দিনটোত উক্ত বিদ্যালয় দুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে সকলো সমস্যাৰ বুজ লৈ বিভাগীয় বিষয়াক এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, বৰপেটা জিলাত স্থাপন কৰিবলৈ লোৱা সাতখন আদৰ্শ বিদ্যালয়ৰ ভিতৰত পাঁচখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ইয়াত পাঠদানো সূচাৰুৰূপে চলি আছে । কিন্তু ২০১৩-১৪ চনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা গোমাফুলবাৰী আৰু গোমাৰীগুৰিৰ বিদ্যালয় দুখনৰ কাম বিভিন্ন সমস্যাৰ বাবে আজিকোপতি সম্পূৰ্ণ কৰিব পৰা হোৱা নাই ৷ লোকনিৰ্মান গৃহ বিভাগৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা প্ৰকল্পটোৰ কাম ২০১৬-১৭ ৰ পৰাই বিভিন্ন কাৰকৰ বাবে স্হগিত হৈ আছে ৷ এই বিষয়ে অৱগত হৈয়ে আজি বৰপেটা জিলা উপায়ুক্ত ভূচালে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাস সমন্বিতে ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ নিৰ্মাণ থলিত লোক নিৰ্মান বিভাগৰ সংশ্লিষ্ট অভিযন্তা সকলো উপস্হিত আছিল ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, প্ৰায় ছয় বছৰ ধৰি নিৰ্মান কাৰ্য স্হবিৰ হৈ থকা কথাটোত উপায়ুক্ত ভূচালে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়া সকলক দুয়োখন আদৰ্শ বিদ্যালয়ৰ নিৰ্মানৰ বাকী থকা কাম অনতি পলমে আৰম্ভ কৰিবলৈ কঠোৰ সকীয়নি দিয়ে। লগতে এই সম্পৰ্কত তথ্য সম্বলিত এখন বিস্তৃত প্ৰতিবেদন জমা দিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। এই দুয়োখন বিদ্যাল়য় সোনকালে মুকলি হলে উক্ত অঞ্চলটোৰ লগতে জিলাখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মন্দিৰত পূজাৰীয়ে প্ৰসাদ হিচাপে দিয়া ফুলবোৰ কি কৰে? পেলাই দিয়ে নেকি, নিদিব…
- পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ…
- কেনেকৈ সুখী হ’ব পাৰিব? অবিবাহিত হৈ সুখী হোৱাটো আপোনাৰ বাবে সহজ নে…
- ব্ৰিটিছ সংসদৰ হাউছ অব্ লৰ্ডছলৈ নিৰ্বাচিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত আয়েশা হাজৰিকা…
- ৩৭০ অনুচ্ছেদ বাতিল হোৱাৰ পাছত জম্মু-কাশ্মীৰত নিৰ্বাচন…
- নেমুৰ চাহঃ আপুনিও নেমু মিহলি কৰি চাহ খায় নেকি? ইয়াৰ ফলত হ’ব পাৰে বৃক্কৰ ক্ষতি…
- ডিব্ৰুগড়ত ‘কৰুণাধাৰা’ৰ হোমেন বৰগোহাঞি স্মৰণ-বক্তৃতানুষ্ঠান…
- লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৫,৭০০ কোটি টকাৰ সম্পত্তিৰে আটাইতকৈ ধনী প্ৰাৰ্থী পেম্মাছানি…
- আজি লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ, ১০খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত হ’ব ভোটগ্ৰহণ, নিৰ্ণয় হ’ব ১,৭১৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য…
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…