সমগ্ৰ দেশৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱৰ অংশ হিচাপে বৰপেটা পৌৰসভাৰ খেল পথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়।

এই দিৱসত পতাকা উত্তোলন আৰু অভিবাদন গ্ৰহণ কৰে সাংস্কৃতিক আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লছাই।এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে চৰকাৰী বেচৰকাৰী অনুসন্ধানৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান।
বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন