Breaking

ড্ৰাগছৰ পিচত এইবাৰ জুৱাৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ

0 1,030

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছ আৰু জুৱা বিৰোধী অভিযান তীব্রতৰ কৰাৰ সমান্তৰালকৈ  বৰপেটা আৰক্ষীও এই ক্ষেত্ৰত পিছ পৰি থকা নাই। সময়ে সময়ে বৰপেটাৰ আৰক্ষীয়ে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে অভিযান চলাই গৈছে। বিভিন্ন অপৰাধীৰ ৰৈম্য ভূমিত পৰিণত হৈ পৰিছে বৰপেটা। বৰপেটা আৰক্ষীয়ে এটাৰ পিছত এটা অভিযান চলাই গৈছে।আৰক্ষীয়ে বৰপেটাৰ সনকুছি কলনীত এটা জুৱাৰ ঘাটি উচ্ছেদ  কৰে। সনকুছি কলনীৰ এটা ফ্লেটৰ পৰা  ৪ জন জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।লগতে জব্দ  কৰে জুৱাৰ সামগ্ৰীসহ নগধ ধন। ধৃত ৪ জুৱাৰী ক্ৰমে আব্দুৰ ৰহমান, আমজাদ আলী,সুদীপ কৰ্মকাৰ আৰু আছাদুল ইছলাম । বিভিন্ন প্ৰান্তৰ পৰা আহি বৰপেটাত বাহৰ পতা চাৰি যুৱকে জুৱা খেলিবৰ বাবেই ভাড়ালৈ লৈছিল ফ্লেটটো*।দীৰ্ঘদিন আগৰ পৰা ফ্লেটটোত  জুৱাৰ আড্ডা চলাই আহিছিল।অৱশেষত গোপন সূত্ৰৰ খবৰ অনুসৰি  আৰক্ষীয়ে জুৱাৰ ঘাটিটো উৎখাত কৰিবলৈ সক্ষম হয় ।

Leave A Reply