Breaking

বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন ৰূপক শৰ্মা আৰু মৃণাল শইকীয়াৰ …

0 133

সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ নেতৃত্বত দুই সদস্য ৰূপক শৰ্মা আৰু মৃনাল শইকীয়াৰ বৰপেটাৰ বাৰাদি সত্ৰ পৰিদৰ্শন ৷শ্ৰীশ্ৰীমাধৱদেৱ গুৰু স্থাপিত বাৰাদি সত্ৰ পৰিদৰ্শণ কৰি সত্ৰ সমিতিৰ সৈতে বাৰ্তালাপ ৷

বাৰাদি সত্ৰত উপস্থিত সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ মন্তব্য- অসমৰ প্ৰতিখন সত্ৰৰ মাটি বেদখল হৈছে ৷ বেদখলকাৰীয়ে সত্ৰসমুহৰ মৰ্যাদা হানি কৰিছে ৷পূৰ্ববংগীয় মুলৰ মুছলমানে সত্ৰৰ ভূমি বেদখল কৰা বুলিও মন্তব্য ৷

অসমীয়া মানুহে শুই থাকোতেই সত্ৰৰ মাটি বেদখল হৈছে ৷অসমীয়া জাতিটেক পৰিকল্পিতভাৱে নিশেঃষ কৰাৰ ষড়যন্ত্ৰ চলিছে ৷পূৰ্বৰ চৰকাৰসমুহে সত্ৰসমুহ ৰক্ষাৰ কোনো চেষ্টা নকৰিলে ৷ কোনো কোনো সত্ৰৰ নিজৰ নামত থকা ৪ হাজাৰ বিঘা ভূমিৰ পৰা ৫০ বিঘালৈ সংকুচিত হৈ পৰাৰ কথাও প্ৰকাশ কৰে প্ৰদীপ হাজৰিকাই ৷স্বৰ্গদেউ আৰু ব্ৰিটিছ সকলেহে সত্ৰসমুহ ৰক্ষাৰ চেষ্টা কৰিছিল ৷

ইপিনে ৰাজ্যৰ সত্ৰৰ ভূমি বেদখলত বংগমুলীয় মুছলমানসকল জড়িতৰ দাবী মৃনাল শইকীয়াৰ ৷বংগমুলীয় মুছলমানসকলে বেদখল কৰিছে সত্ৰৰ ভূমি ৷বাংলাদেশত মাটি হেৰোৱা সকলে অসমলৈ আহি সত্ৰৰ ভূমি বেদখল কৰিছে ৷সত্ৰৰ ভূমি বেদখলক লৈ সত্ৰাধিকাৰো হত্যাৰ বলি হবলগা হোৱাৰ লগতে বহু লোক নিপীড়িত হৈছে ৷নে বহু ঘটনা সত্ৰ আয়োগৰ প্ৰতিবেদনত উন্মোচিত হব বুলি মন্তব্য মৃনাল শইকীয়াৰ ৷

লক্ষ্যণীয়ভাৱে সত্ৰৰ ভকতে সত্ৰত প্ৰসংগ কৰি থকাৰ সময়তে এইসকলে সত্ৰৰ ভূমিসমুহত বেদখল চলাই যোৱাৰ কথা উল্লেখ কৰে মৃনাল শইকীয়াই ৷

Leave A Reply