Breaking

মাজবাটত ৰে’লৰ খুন্দাত বৰছলাৰ যুৱক আঘাতপ্ৰাপ্ত…

0 50

ওদালগুৰি জিলাৰ মাজবাটত ৰেলৰ খুন্দাত বৰছলাৰ যুৱক আঘাত প্ৰাপ্ত। আজি পুৱা ৯-৩০ মান বজাত মাজবাট ৰেলৱে ষ্টেচন প্লেট ফৰ্মত 12087 শতাব্দী এক্সপ্ৰেছৰ খুন্দাত এজন লোক আহত হয় বুলি জনা যায়। ৰেলৰ খুন্দাত আঘাত প্ৰাপ্ত লোকজনৰ ঘৰ বৰছলাৰ গোলক দাস,(৩৫) বুলি জানিব পৰা গৈছে ৷

লোকজনক চিকিৎসাৰ বাবে ১০৮ এম্বুলেন্সেৰে মাজবাটৰ মহলীয়াপাৰা মডেল হস্পিতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাসপাতালৈ প্ৰেৰণ কৰে।।যুৱক জন মাজবাট ৰেল ষ্টেচনৰ ৰেলৱে ট্ৰেক পাৰ হবলৈ চেষ্টা কৰোতে বিপৰিত দিশৰ পৰা শতাব্দী এক্সপ্ৰেছ ৰেল তৎক্ষণাৎ আহি পোৱাত যুৱক জন ৰেলৱে ট্ৰেকত পৰি যায়। ফলত যুৱক জনৰ বাওঁ ভৰিত গুৰুত্বৰ আঘাত প্ৰাপ্ত হয় বুলি জনা যায়।

Leave A Reply