Breaking

এমাহৰ পিছত ডুবাইৰ কাৰাগাৰৰ পৰা মুক্তি লাভ ‘বাটলা হাউছ’ অভিনেত্ৰী ক্ৰীছান পেৰেইৰা…

0 96

ডুবাইৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ‘বাটলা হাউছ’ অভিনেত্ৰী ক্ৰীছান পেৰেইৰাক। ক্ৰীছানৰ ভাতৃয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত অভিনেত্ৰীগৰাকীৰ মাতৃক আনন্দত নাচি থকা দেখা গৈছে। ‘সাদক ২’ আৰু ‘বাটলা হাউছ’ৰ দৰে হিন্দী ছবিত কাম কৰা অভিনেত্ৰী ক্ৰীছান পেৰেইৰা পুনৰবাৰ শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ যেতিয়া অভিনেত্ৰী গৰাকীক ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে বুলি খবৰ ওলাইছিল। এতিয়া ক্ৰীছানক ইউ এ ইৰ জেলৰ পৰা মুক্তিৰ খবৰ বিয়পি পৰিছে। পেৰেইৰাৰ ভাতৃ কেভিন পেৰেইৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত অভিনেত্ৰীগৰাকীয়ে জেলৰ পৰা মুক্তি পোৱাৰ পিছত মাতৃৰ সৈতে কথা পাতি থকা দেখা গৈছে।

মাতৃ আৰু পৰিয়ালৰ সৈতে কথা পতাৰ পিছত অভিনেত্ৰীগৰাকী আৱেগিক হৈ পৰা যেন লাগে। খবৰ অনুসৰি ড্ৰাগছ গোচৰত ইউ এ ই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ক্ৰীছান পেৰেইৰা এতিয়া ৪৮ ঘণ্টাৰ ভিতৰত ভাৰতলৈ উভতি আহিব।

Leave A Reply