Breaking

মোডীকলৈ বিবিচিৰ ডকুমেণ্টৰীৰ ৰছী টনা খেল অব্যাহত

0 80

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকলৈ বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ আৰু ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ ওপৰত কেন্দ্ৰৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে তেওঁৰ উদ্বেগ ব্যক্ত কৰিছে। তেওঁ কয় যে যে ভাৰতৰ কিছুমান লোকে দেশৰ ন্যায়পালিকাতকৈ বিদেশী সংস্থাক বেছি বিশ্বাস কৰে।

প্ৰধানমন্ত্ৰী মোডীক লৈ বিবিচিয়ে নিৰ্মাণ কৰা ডকুমেণ্টৰীকলৈ চলি থকা বিতৰ্ক সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত কেৰালাৰ ৰাজ্যপালে কয়, “ভাৰতে সমগ্ৰ বিশ্বতে ইমান ভাল প্ৰদৰ্শন কৰি আছে, সেয়েহে সেই লোকসকলে হতাশ অনুভৱ কৰিছে। মই আমাৰ নিজৰ কিছুমান লোকৰ বাবে দুখ অনুভৱ কৰোঁ, কিয়নো তেওঁলোকে ন্যায়পালিকাৰ ৰায়তকৈ এখন তথ্যচিত্ৰক বেছি বিশ্বাস কৰে।”


তেওঁ কয়, ” যি সময়ত ভাৰতে জি-২০ ৰ সভাপতিত্ব গ্ৰহণ কৰিছে, সেই সময়ত বহুতৰে বাবে ভাৰতক বদনাম কৰাৰ সময় আহি পৰিছে।” উল্লেখ্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ বিবিচিয়ে এখন ডকুমেণ্টৰী প্ৰস্তুত কৰিছে। ডকুমেণ্টৰী খনকলৈ মোডীকে ধৰি চৰকাৰ আহ্লাদিত হ’ব লাগিছিল যদিও তেনে হোৱা নাই।

ইয়াৰ বিপৰীতে মোডীৰ চৰকাৰে টুইটাৰ, ইউটিউব আদি প্লেটফৰ্মত ডকুমেণ্টৰীখন নিষিদ্ধহে কৰিছে। কিন্তু বিবিচিৰ ‘ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন’ শীৰ্ষক ডকুমেণটৰী খনত এনে কি দেখুওৱা হৈছে যাৰ বাবে খোদ চৰকাৰেই ডকুমেণ্টৰী খন নিষিদ্ধ কৰিবলগীয়া হৈছে?

ডকুমেণ্টৰী খনৰ প্ৰথটো খণ্ডত দেখুওৱা হৈছে বিশ্বত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা গুজৰাটৰ গোধ্ৰা কাণ্ড। গোধ্ৰা কাণ্ডৰ সময়ত মোডী হৈ আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰী হিচাবে মোডীয়ে গোধ্ৰা কাণ্ডৰ অচিলালৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষ ৰোধ কৰাৰ বাবে যেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনে নকৰাৰ অভিযোগ উঠিছিল। আনকি চৰকাৰে হিন্দুত্ববাদী সংগঠনক সহায় কৰা বুলিও বহুতে কৈছিল। ডকুমেণ্টৰী খনত সংঘৰ্ষৰ বলী হোৱা বহু লোকৰ ভাষ্যও প্ৰকাশ ৰা হৈছে। মোডীৰ আমোলত যে গুজৰাটৰ মুছলমান লোকসকল মুঠেও সুৰক্ষিত নাছিল সেয়া ডকুমেণ্টৰী খন চোৱাৰ পিছত যিকোনো লোকেই অনুভৱ কৰিব পাৰিব।

সেয়ে এনে কথাতে ৰুষ্ট হৈ পৰিছে মোডীৰ চৰকাৰ। সেইবাবেই ডকুমেণ্টৰী খন ছ’চিয়েল মিডিয়াৰ প্লেটফৰ্মত নিষিদ্ধ কৰি মোডীৰ চৰকাৰে সঁচাক ঢাকি ৰখাৰ চেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। ২০০২ চনৰ গুজৰাট সংঘৰ্ষকলৈ বিশ্বজুৰি প্ৰক্ৰিয়া হৈছিল।

ভাৰতত সম্প্ৰচাৰ বন্ধ কৰিবলৈ ‘ইণ্ডিয়া: দ্য মোডী কুৱেশ্বন’ শীৰ্ষক ডকুমেণ্টৰী খন চৰকাৰে টুইটাৰ আৰু ইউটিউবত যিকোনো ক্লিপ মুকলি কৰাটো নিষিদ্ধ কৰিছে। ইমানৰ পিছতো কেৰালে ধৰি দেশৰ বহু কেইখন ৰাজ্যত একাংশ লোকে ডকুমেণ্টৰীখন প্ৰদৰ্শনৰ বাবে তৎপৰ হৈ পৰিছে।

Leave A Reply