Breaking

সাৱধান! খাদ্য খোৱাৰ পিছতে চাহ খায় নেকি…

0 58

আপুনি গ্ৰীণ টি খাই ভাল পায় নেকি? গ্ৰীণ টি ওজন কমাবলৈকে উপকাৰী নহয়, গ্ৰীণ টি খালে কলেষ্টেৰল আৰু দীৰ্ঘদিনীয়া ৰোগ কমোৱাতো সহায় কৰে। কিন্তু বহুতে গ্ৰীণ টিক স্বাস্থ্যকৰ বুলি বিবেচনা কৰি বাৰে বাৰে খাই। বিশেষকৈ খাদ্য খোৱাৰ পিছত গ্ৰীণ টি খালে স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী জানো আহক-

যদি গধুৰ খাদ্য খোৱাৰ পিছত গ্ৰীণ টি খোৱা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। গ্ৰীণ টিয়ে খাদ্য হজম কৰাত সহায় কৰে, ইয়াৰ এন্টিঅক্সিডেন্ট আৰু কেটেচিনে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু পাচনতন্ত্ৰ শক্তিশালী কৰে। অৱশ্যে লঘু আহাৰ খোৱাৰ পিছত গ্ৰীণ টি খাব নালাগে।

এতিয়া কথা হ’ল দিনটোত কেইবাৰ গ্ৰীণ টি খাব লাগে? গতিকে গ্ৰীণ টি খোৱাৰ সৰ্বোত্তম সময় হ’ল ৱৰ্কআউটৰ আগত, কাৰণ ই আপোনাক তৎক্ষণাত শক্তি প্ৰদান কৰে। কেৱল এয়াই নহয়, গ্ৰীণ টিয়ে বিপাকীয় ক্ৰিয়াৰ হাৰতো সহায় কৰে। অৱশ্যে কেৱল যিকোনো পানীয়ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব নোৱাৰে, সুষম খাদ্য আৰু সুস্থ জীৱনশৈলী জীয়াই থকাটো অতি প্ৰয়োজনীয়। দিনটোত ২ৰ পৰা ৩ কাপ গ্ৰীণ টি খাব পাৰি।


Leave A Reply