সাৱধান! আহি আছে STSS, আক্ৰান্ত হ’লেই ৪৮ ঘন্টাত মানুহৰ মৃত্যু নিশ্চিত…

বিশ্বত নতুন ভাইৰাছৰ আতংক। ক’ভিডৰ পাছত বিশ্বত নতুন মাৰাত্মক ৰোগৰ আতংক।আক্ৰান্ত হ’লেই ৪৮ ঘন্টাতে মানুহৰ মৃত্যু নিশ্চিত। Covid-19 সংক্ৰমণৰ পিছত জাপানত অতি ভয়াৱহ এই বেক্টেৰিয়াৰ সংক্ৰমণৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিষয়ে জানো আহক।

জাপানত বিৰল ফ্লেছ ইটিং বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ দ্ৰুতগতিত বিয়পি পৰিছে, যাৰ ফলত দেশখনত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই বেক্টেৰিয়াই ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিণ্ড্ৰম (STSS) সৃষ্টি কৰে, যিয়ে অতি কম সময়ৰ ভিতৰতে ৰোগীৰ বাবে এক মাৰাত্মক অৱস্থাৰ সৃষ্টি কৰে। বিশেষজ্ঞসকলৰ মতে এই ৰোগত আক্ৰান্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত এজন ৰোগীৰ মৃত্যু হ’ব পাৰে। ২০২৪ চনৰ জুন মাহলৈকে এই বছৰ জাপানত ইতিমধ্যে ৯৭৭ টা এছটিএছএছৰ ৰোগী ধৰা পৰিছে। এই ৰোগৰ ফলত মৃত্যুৰ হাৰ ৩০% পোৱাৰ আশংকা। একাংশ বিশেষজ্ঞৰ মতে ক’ভিড-১৯ মহামাৰীৰ সময়ত আৰোপ কৰা নিষেধাজ্ঞা শিথিল কৰাৰ পাছত জাপানত STSS ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

এই ৰোগৰ লক্ষণ হৈছেঃ

এছটিএছএছৰ প্ৰাৰম্ভিক লক্ষণসমূহ ফ্লুৰ দৰে হ’ব পাৰে, য’ত জ্বৰ, পেশীৰ বিষ, ডিঙিৰ বিষ আদিও দেখা যায়। কিন্তু ইয়াৰ পিছত লক্ষণসমূহ দ্ৰুতগতিত গুৰুতৰ হ’ব পাৰে, য’ত উচ্চ জ্বৰ, ৰক্তচাপ হ্ৰাস, ছাল ৰঙা পৰা আৰু মৃত কলাৰ আৱিৰ্ভাৱ আদি অন্তৰ্ভুক্ত।

বৰ্তমান এই বেক্টেৰিয়াৰ বিষয়ে বিশেষ তথ্য নাই। কিন্তু ইয়াক প্ৰতিৰোধ কৰিবলৈ নিয়মিতভাৱে হাত ধোৱা আৰু যিকোনো ধৰণৰ ঘাঁ পৰিষ্কাৰ কৰি ৰখাটো বহু পৰিমাণে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াৰ উপৰিও যদি সংক্ৰমণৰ লক্ষণ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

Related Articles