Breaking

কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত জংঘল ছাফাৰীত অংশ লোৱাৰ পূৰ্বে এক নতুন ৰুপত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীক…

0 54

আজি কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত জংঘল চাফাৰীত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এক নতুন দেখা গৈছে প্ৰধানমন্ত্ৰী মোদীক। এই ছাফাৰীলৈ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক নতুন ৰূপ দেখিবলৈ পোৱা গৈছে। দৈনন্দিন সাজ-পোছাকৰ তুলনাত তেওঁ বিশেষ পোছাক পিন্ধা দেখা গৈছিল।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিলৰ পৰা তামিলনাডু, তেলেংগানা আৰু কৰ্ণাটকলৈ দুদিনীয়া ভ্ৰমণেৰে আহিছে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ ছিকুন্দৰাবাদ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। শনিবাৰে হায়দৰাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। হায়দৰাবাদৰ বেগুম্পেট বিমানবন্দৰত প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনায় তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন আৰু কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে লগতে তেলেংগানা ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী বন্দী সঞ্জয়ো বিমানবন্দৰত উপস্থিত থাকে।

Leave A Reply