Breaking

বিয়াৰ পূৰ্বে নাৰ্চাৰী স্কুলত পঢ়ুৱাই প্ৰতিমাহে ৮০০ টকা দৰমহা পাইছিল নীতা আম্বানীয়ে…

0 26

নীতা আম্বানী কোন নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। বহুতে হয়তো নাজানে, নীতা আম্বানীয়ে ৰিলায়েন্সৰ পৰাও দৰমহা পায়। খবৰ অনুসৰি, প্ৰতিমাহে প্ৰায় ২ কোটি টকা দৰমহা এতিয়া নীতাৰ বেংক একাউণ্টত জমা হয়। নীতাৰ জীৱনৰ প্ৰথম দৰমহা কিমান আছিল জানেনে। কোটিপতি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী। কিন্তু এই পাৰিবাৰিক পৰিচয় থকাৰ পিছতো নীতা আম্বানীৰ এক সুকীয়া পৰিচয়। নীতা ৰিলায়েন্সৰ অধ্যক্ষ। তেওঁ ‘ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়’ৰ মুৰব্বী। মুম্বাই ইণ্ডিয়ানছৰ স্বতাধিকাৰী নীতা। কেৱল পৰিয়ালতে নহয়, পৰিয়ালৰ ব্যৱসায়তো নীতাই অৰিহণা যোগাইছে। বিয়াৰ আগতে অৱশ্যে নীতা নাচ-গানত ব্যস্ত আছিল নীতা। ধীৰুভাই আম্বানীয়ে নৱৰাত্ৰিত নীতাৰ ভাৰতনট্যম নৃত্য দেখি বোৱাৰী হিচাপে বাছি লৈছিল নীতাক। তেতিয়া নীতা বিয়াৰ বাবে একেবাৰেই সাজু নাছিল। মাত্ৰ নৃত্যৰ লগত থাকিব বিচাৰিছিল। পিছলৈ অৱশ্যে হ’বলগীয়া শহুৰেকৰ জোৰত বিয়াত বহিল। আম্বানী পৰিয়ালৰ নীতা নৃত্যক লৈ কোনো সমস্যা নাছিল। কিন্তু বিয়াৰ পিছত নীতাই নিজৰ মনটো পৰিয়ালটোক দিলে।


অৱশ্যে নৃত্য এৰাৰ পিছত নীতাই নিজকে আন কামত ব্যস্ত কৰি ৰাখিল। তিনিটা সন্তান ডাঙৰ-দীঘল কৰিলে। লাহে লাহে পৰিয়ালৰ ব্যৱসায়ত যোগদান কৰিলে। নীতাই চম্ভালি থকা দায়িত্বৰ বাবে আন কাৰোবাক নিযুক্তি দিলে বহুত টকা উপাৰ্জন হ’ব পাৰে। কিন্তু বহুতে হয়তো নাজানে যে নীতাইও দৰমহা পায়। খবৰ অনুসৰি, প্ৰতিমাহে প্ৰায় ২ কোটি টকা দৰমহা এতিয়া নীতাৰ বেংক একাউণ্টত জমা হয়। নীতাৰ প্ৰথম দৰমহা কিমান আছিল জানেনে আপোনালোকে।


বিয়াৰ আগতে নীতাই নৃত্যৰ বাহিৰেও নাৰ্চাৰী স্কুলত পঢ়ুৱাইছিল। আগতে তেওঁ মুম্বাইৰ ‘ছান ফ্লাৱাৰ’ নামৰ স্কুল এখনত কৰিছিল। আগতে তাৰ পৰাই মাহে ৮০০ টকা দৰমহা পাইছিল। নীতাই এক সাক্ষাৎকাৰত নিজৰ মুখত এই কথা কৈছিল। বিয়াৰ পিছতো নীতাৰ স্কুলত পঢ়াব বিচাৰিছিল। কিন্তু তেওঁক কোৱা হ’ল যে ৮০০ টকীয়া চাকৰি এটা অম্বানীৰ পত্নীৰ বাবে উপযুক্ত নহয়।

Leave A Reply