Breaking

বিবাহৰ পূৰ্বে গ’ল্ডেন টেম্পল দৰ্শন ৰাঘৱ-পৰিনীতিৰ। ফটো শ্বেয়াৰ কৰি প্ৰকাশ কৰিলে মনৰ ভাৱ…

0 73

বিবাহৰ পূৰ্বে গ’ল্ডেন টেম্পল দৰ্শন ৰাঘৱ-পৰিনীতিৰ। ফটো শ্বেয়াৰ কৰি প্ৰকাশ কৰিলে মনৰ ভাৱ। বিয়াৰ পূৰ্বেই পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই অমৃতসৰৰ সোণালী মন্দিৰলৈ গৈ আশীৰ্বাদ লয়। বৰ্তমান এই দম্পতীহালৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাৰ এংগেজমেণ্ট হৈছিল। অনুৰাগীসকলে এতিয়া দম্পতীহালৰ বিবাহলৈ অপেক্ষা কৰি আছে।

পৰিনীতিয়ে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে। ছবিখনত অভিনেত্ৰীগৰাকী আৰু ৰাঘৱক পিছফালৰ পৰা ক্লিক কৰা হৈছে। এই ছবিখন পোষ্ট কৰি পৰিনীতিয়েও লিখিছে এটা মৰমলগা কেপচন। পৰিনীতিয়ে লিখিছে, এইবাৰ মোৰ ভ্ৰমণ বিশেষ আছিল, কাৰণ মোৰ কাষত তেওঁ আছিল।

ৰাঘৱ আৰু পৰিনীতি বহুদিনৰ পৰা চিনাকি। কেইবাটাও খবৰ অনুসৰি দুয়োজনে একেলগে লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল।

Leave A Reply