Breaking

বিবাহৰ পূৰ্বেই দ্বিতীয়বাৰৰ বাবে মাতৃ এই গৰাকী বলিউদৰ অভিনেত্ৰী…

0 169

অৰ্জুন ৰামপালৰ প্ৰেমিকা গেব্ৰিয়েলা বিবাহৰ পূৰ্বেই আকৌ এবাৰ মাতৃ হ’বলৈ ওলাইছে। বেবী বাম্পৰ সৈতে অভিনেত্ৰীগৰাকীয়ে ফটো শ্বেয়াৰ কৰিছে। অৰ্জুন ৰামপাল আৰু তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ছবি জগতত শিৰোনাম দখল কৰি আছে। এই জনপ্ৰিয়তা মাজতে অৰ্জুন ৰামপাল আৰু গেব্ৰিয়েলাই দ্বিতীয় সন্তানক আদৰিবলৈ সাজু হৈছে। কিন্তু একাংশৰ বাবে ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেত্ৰীগৰাকী। অৰ্জুন ৰামপাল আৰু গেব্ৰিয়েলাৰ বিয়া হোৱা নাই যদিও তেওঁলোকে জীৱনটো ভালদৰে উপভোগ কৰিছে। ইফালে অভিনেত্ৰীগৰাকীয়ে নিজৰ বেবী বাম্পৰ সৈতে ফটো শ্বেয়াৰ কৰিছে।

গ্ৰেবিয়েলাৰ ফটোত ট্ৰল কৰি এজন ইউজাৰে লিখিছে, ‘আপোনাৰ দৰে মানুহে মানুহৰ মানসিকতাহে নষ্ট কৰে।’ অৱশ্যে ইউজাৰৰ মন্তব্যত গ্ৰেবিয়েলাই উত্তৰ দিলে, ‘হয়, মানসিকতা হৈছে পৃথিৱীলৈ সুন্দৰ জীৱন কঢ়িয়াই অনা। ইয়াৰ পূৰ্বে ২০১৯ বৰ্ষৰ আৰম্ভণিতে গ্ৰেবিয়েলাই প্ৰথম সন্তান জন্ম দিছিল। তেওঁলোকৰ প্ৰথম পুত্ৰৰ নাম এৰিক। এতিয়া ৩৬ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰীগৰাকী।

অৰ্জুন ৰামপাল আৰু গেব্ৰিয়েলাৰ এক অতি আমোদজনক প্ৰেম কাহিনী। গ্ৰেবিয়েলা এগৰাকী মডেল আৰু অভিনেত্ৰী। দক্ষিণ আফ্ৰিকাৰ বাসিন্দা। বৰ্তমান অৰ্জুন ৰামপাল আৰু গ্ৰেবিয়েলা দুয়োজনেই নিজৰ ভৱিষ্যত সন্তানক লৈ অতিশয় উৎসাহিত।


Leave A Reply