Breaking

লকডাউনত বিপৰ্যস্ত শিল্পীগোষ্ঠীৰ সাহাৰ্য ভিক্ষা

0 52

গোলাপ চহৰীয়া, ছিপাঝাৰ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক,কেবাখনো হিন্দী আৰু দক্ষিণ ভাৰতীয় ছবিৰ অভিনেতা পবিত্ৰ ৰাভাই ওদালগুৰি জিলাৰ টংলা চহৰৰ পৰা প্ৰায় চাৰি কিল’মিটাৰৰ ভিতৰৰ জলাহ নামৰ গাঁওত বাওনা (Dwarfs) সকলক লৈ দুই সহস্ৰাব্দৰ আৰম্ভণিতে “আমাৰ গাঁও” অভীধাৰে এখন গাঁও গঠন কৰিছিল। আৰু তেওঁলোকক লগত লৈ ২০০৩  চনত সম্ভৱতঃ ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কেৱল বাওনা শিল্পীৰে গঠিত “দাপোন দা মিৰৰ” বুলি এক নাটকৰ অনুস্থানৰ জন্ম দিছিল । যিসময়ত বহু ক্ষেত্ৰত বাওনা সকলক একপ্ৰকাৰৰ অৱহেলাৰ দৃষ্টিভংগীৰে চোৱা হয়,সেই সময়তে পবিত্ৰ ৰাভাৰ এই ব্যতিক্ৰমী পদক্ষেপে তেওঁলোকৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছিল। বিশেষকৈ তেওঁলোকক নাটকৰ মাধ্যমেৰে স্বাৱলম্বনৰ এক বাট মুকলি কৰি দিছিল পবিত্ৰ ৰাভাই।দলটিয়ে বিগত বছৰসমূহত দেশৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বৰ্তমান লকডাউনৰ এই জটিল পৰিস্থিতিত তেওঁলোকৰ বাবে আহিছে ভীষণ প্ৰত্যাহ্বান। নাটকেই এইসকল লোকৰ জীৱন নিৰ্বাহৰ একমাত্ৰ সমল আছিল।কিন্তু এই পৰিস্থিতিত সেই সকলো দিশ একপ্ৰকাৰ অচল হৈ পৰিছে, যাৰবাবে তেওঁলোক ভীষণ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এনে প্ৰেক্ষাপটত নাট্যদলটিয়ে তেওলোকৰ তেওলোকৰ এই দুৰ্দশাৰ দিনত আৰ্থিক সহায় বিচাৰি সামাজিক মাধ্যমযোগে ৰাজ্য চৰকাৰ,সচেতন জনতা সকলোকে আহ্বান জনাইছে।

Leave A Reply