Breaking

বেংমৰা কাপ-২০২৩’ ফুটবল প্ৰতিযোগিতা আৰম্ভ…

0 54

অসম ফুটবল সন্থাৰ তত্বাৱধানত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত,বেংমৰা স্পৰ্টচ এচ’চিয়েচনৰ সৌজন্যত, পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত সপ্তম বাৰ্ষিক ৰাজ্যিক পৰ্যায় “বেংমৰা কাপ ২০২৩” ফুটবল প্ৰতিযোগিতাখনি আজি ০২ ডিচেম্বৰ পৰা লাহোৱাল তিতাডিমৰু খেলপথাৰত অসমৰ ১২ টাকৈ আগশাৰী ফুটবল দলৰ অংশগ্ৰহণ কৰা খেলখনিত পুৱা ৯ বজাত তিতাডিমৰু খেলপথাৰত পতাকা উত্তোলন কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি সত্য গোঁহাই, পানীতোলা স্পৰ্টচ একাডেমিৰ উপ সভাপতি তিলেশ্বৰ তেলী, তিতাডিমৰু আয়োজক সমিতিৰ সভাপতি বিপুল গগৈ দেৱে,স্মৃতি তৰ্পণ কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক উজ্জ্বল বৰুৱা,পানীতোলা স্পৰ্টচ একাডেমিৰ সম্পাদক নয়নমণি ফুকণ আৰু আয়োজক সমিতিৰ সম্পাদক বিতুপন দুৱাৰাই।

সপম বাৰ্ষিক ” বেংমৰা কাপ ২০২৩” ফুটবল প্ৰতিযোগিতাৰ উপলক্ষে পৰিৱেশ সুৰক্ষা সমিতি অসমৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্রতিপালন কাৰ্যসূচীৰ অন্তৰ্গত বৃক্ষ ৰোপণ কায্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ কেন্দ্ৰীয় উপ সভাপতি দিগন্ত ভট্টাচায্যই।দিনৰ ২.০০ বজাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণ অধ্যক্ষ কাজল গোঁহাই। শুভাৰম্ভণি প্ৰতিযোগিতা খনিত চাবুৱা ব্ৰাদাচ্‌ ফুটবল দলে জয়পুৰ তৰুণ সংঘ ফুটবল দলক ১-০ গ’লত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে ।

শুভাৰম্ভণি খেলখনিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য গোহাঁই,সম্পাদক উজ্জ্বল বৰুৱা,মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধৰ্মানন্দ কোঁৱৰ,তুষাৰ ৰঞ্জণ চেতিয়া,দ্বিপজয় শইকীয়া,মেছ কমিছনাৰ নীলকান্ত ফুকণ, সাংবাদিক বিশ্বজিৎ ফুকণ,ৰক্তিম দাস,দিবাকৰ দত্ত,নিতুল গোঁহাই,কাঞ্চন গোঁহাই,প্ৰশান্ত কোঁৱৰ,প্ৰাঞ্জল গগৈ,তিনিচুকীয়া লাইপুলিৰ গীতিকাৰ ,লেখক,কবি অমৃত ৰাজখোৱা,সমাজ সেৱক প্ৰাঞ্জল নেওগ,মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলাৰ সভাপতি কেষ্ণকান্ত কাকতি,ডিব্ৰুগড় জিলাৰ সভাপতি দিব্যজোতি বৰপাত্ৰ গোঁহাই।খেল পৰিচালক হিচাপে সহায় কৰে ফাষ্ট ৰেফাৰী ৰিয়াজ চুতিয়া,ছেকেণ্ড ৰেফাৰী মেলিৰিয়াছ এক্কা,নুৱেল কাশ্যপ আৰু কুলেশৰ মৰাণ।০৩ ডিচেম্বৰ খেল তিতাডিমৰু খেলপথাৰত ৰহমৰীয়া এফ চি বনাম তিনিচুকীয়া ৰে’লৱে আৰু পানীতোলা খেলপথাৰত দুলিয়াজান ফুটবল একাডেমি বনাম দ্বিতীয় আৰক্ষী বাহিনী,মাকুম দলৰ মাজত অনুষ্ঠিত হ’ব।

Leave A Reply