Breaking

কণমানি সন্তানটোৰ গাত ব্যৱহাৰ নকৰিব জনছন এণ্ড জনছনৰ বেবী পাউদাৰ। অঘটন ঘটিব পাৰে।

0 97

আপোনাৰ কণমানি শিশুটিৰ গাত জনছন এণ্ড জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰে নেকি? যদি ব্যৱহাৰ কৰে, এতিয়াৰে পৰা সাৱধান ! কিয়নো আকৌ এবাৰ নমুনা সংগ্ৰহ কৰা হ’ব জনছন বেবী পাউদাৰৰ। বম্বে উচ্চ ন্যায়ালয়ে জনছন এণ্ড জনছনৰ বেবী পাউদাৰৰ নমুনা পুনৰ পৰীক্ষা কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক ইতিমধ্যে নিৰ্দেশ দিছে। 
বুধবাৰে ন্যায়াধীশ এছ ভি গংগাপুৰৱালা আৰু এছ জি ডাইজৰ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনক তিনিদিনৰ ভিতৰত কোম্পানীটোৰ কাৰখানাৰ পৰা সতেজ নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে আদালতে পুনৰ নমুনা লৈ দুটা চৰকাৰী আৰু এটা ব্যক্তিগত লেবলৈ প্ৰেৰণ কৰিব।নমুনা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত লেবসমূহক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি বিচাৰপীঠে কয় যে, নমুনাসমূহ পৰীক্ষাৰ বাবে চেণ্ট্ৰেল ড্ৰাগ টেষ্টিং লেবৰেটৰী, ৱেষ্ট জ’ন, এফ ডি এ লেব আৰু ইন্টাৰটেক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব।
আদালতত পৰৱৰ্তী শুনানি হ’ব ৩০ নৱেম্বৰত। এই সময়ছোৱাত কোম্পানীটোৱে পাউদাৰ উৎপাদন কৰিব পাৰিব যদিও বিক্ৰী আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।জনছন এণ্ড জনছনে মহাৰাষ্ট্ৰ চৰকাৰৰ দুটা আদেশক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। ৰাজ্যখনৰ এফ ডি এৰ যুটীয়া আয়ুক্ত আৰু অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই এই নিৰ্দেশ গৃহীত কৰে।

Leave A Reply