Breaking

শিৱসাগৰৰ নাজিৰা মইনাটিং ৰংগমঞ্চ খেলপথাৰত বিশিষ্ট সমাজকৰ্মী প্ৰয়াত সুৰেণ বাগতি দেৱৰ স্মৃতিত নিশা ভাদ বিদায় ও কৰম পূজা উদযাপন

0 230

অসম চাহ জনজাতি ছাত্ৰ সন্থা মইনাটিং প্ৰাথমিক গোটৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ১১ তম্‌ ভাদ বিদায় উদযাপন । শিৱসাগৰৰ নাজিৰা মইনাটিং ৰংগমঞ্চ খেলপথাৰত বিশিষ্ট সমাজকৰ্মী প্ৰয়াত সুৰেণ বাগতি দেৱৰ স্মৃতিত নিশা অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতা ও কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান ।

অনুষ্ঠানত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, আটছাৰ প্ৰাক্তন নেতা তথা বিজেপি চাহমৰ্চা অসম প্ৰদেশ সভাপতি প্ৰহ্লাদ গোৱালা, বিশিষ্ট সমাজকৰ্মী দেৱেন ৰবিদাস, সমাজকৰ্মী চুৰেণ কুৰ্মী, জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ফাৰহান লস্কৰ ডাঙৰীয়াৰ লগতে বহু গণ্যমান্য লোক উপস্থিত থাকি ভাদ বিদায় ও কৰম পূজা উদযাপন কৰে । আমন্ত্ৰিত অতিথিক সম্বৰ্ধনা জনোৱা হয় ।

১১ তম্‌ ভাদ বিদায় উদযাপন আৰু বিশিষ্ট সমাজকৰ্মী প্ৰয়াত সুৰেণ বাগতি দেৱৰ স্মৃতিত সাংস্কৃতিক প্ৰতিযোগিতা ও উদীয়মান কণ্ঠশিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হয় । গীতৰ শৰাই আগবঢ়াই বলোৰাম ঘাটোৱাৰ, উত্তম কুমাৰ মাহালি আৰু গোপাল সোণাৰিয়ে । উদীয়মান কণ্ঠশিল্পী কেইগৰাকীৰ সহযোগত বাঁহী সুৰ দিয়ে জনপ্ৰিয় শিল্পী পুতুল কোঁৱৰ ডাঙৰীয়াই ।

Leave A Reply