Breaking

ক’ৰনাৰ পৰিত্ৰাণৰ বাবে মাজবাটৰ অজাগড় গাঁৱত ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ।

0 2,193

সমগ্ৰ দেশতে বৃদ্ধি পোৱা মহামাৰী কৰোণাৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ওদালগুৰি জিলাৰ মাজবাটৰ অজাগড় গাৱঁত  ১ মেত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’য় ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ। মহামাৰী কৰোণাৰ পৰা পৰিত্ৰাণ বিছাৰি অজাগড় গাওঁ বাসীয়ে গাঁৱৰ নামঘৰত আয়োজন কৰে‌ ভাগৱত পাঠৰ লগতে ভাগৱত শোভাযাত্ৰাৰ। বিগত প্ৰত্যেক বছৰে গাওঁবাসীয়ে অনুষ্ঠিত কৰি আহিছে ভাগৱত পাঠ আৰু শোভাযাত্ৰা। এই বছৰেও বৰ্তমান কৰোণা মহামাৰীৰ বাবে সীমিত সংখ্যক লোকে এই ভাগৱত ভ্ৰমণ আৰু ভাগৱত পাঠ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিয়া মতে যি সকল লোকে ভাগৱত পাঠ আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ৷বৰ্তমান কৰোণা মহামাৰীৰ যি ভয়াৱহ পৰিস্থিতি তাৰ পৰিত্ৰাণ বিছাৰি অজাগড় গাঁওবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। যাতে এই কৰুণা মহামাৰী সমগ্ৰ ৰাজ্যৰ পৰা আতৰি যায়।

Leave A Reply