Breaking

ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা আৰু সাহিত্য সৌৰভ বঁটা -২০২৪/২০২৫ ঘোষণা…

0 23

ভকতশিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা আৰু সাহিত্য সৌৰভ বঁটা -২০২৪/২০২৫ ঘোষণা


অসমৰ সত্ৰ সমুহৰ ভিতৰত এক অনবদ্য বৈচিত্ৰতাৰে পৰিপূৰ্ণ ওদালগুৰি জিলাৰ ডিমাকুছিৰ অন্তৰ্গত শ্ৰী মন্ত শংকৰদেৱ সত্ৰ, বৰঙাজুলিৰ বৈকুণ্ঠগামী সত্ৰাধিকাৰ, ওদালগুৰি ৰত্ন, অসম চৰকাৰৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতাৰ সোঁৱৰণত ২০২২-২০২৩ বৰ্ষৰ পৰা ডিমাকুছি সাহিত্য সভাই প্ৰদাণ কৰি অহা সাহিত্য সাধনা আৰু সাহিত্য সৌৰভ বঁটা দুটি ২০২৪-২০২৫ বৰ্ষৰ বাবে প্ৰদাণ কৰা হ’ব ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি তথা শংকদেৱৰ একান্ত সেৱক, হৰকেষ্ণ মহন্ত আতাৰ একনিষ্ঠ আত্মিক ভকত গৌৰিশংকৰ দাসলৈ “ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সাহিত্য সাধনা বঁটা আৰু যুৱপ্ৰজন্মৰ লেখিকা তথা ” সেহি ভকতক নমো” শীৰ্ষক জীৱনীমূলক উপন্যাসৰ স্ৰষ্টা ৰেণুকা কলিতা আৰু ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ যুটীয়া সম্পাদক তথা

বহুকেইখন সম্পাদিত গ্ৰন্থৰ প্ৰণেতা জিতেশ মুছাহাৰীলৈ যৌথভাৱে “ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সৌৰভ বঁটা-২০২৪/২৫” আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে এই বঁটা দুটি প্ৰথম বৰ্ষত ডিমাকুছি সাহিত্য তৰফৰ পৰা আগবঢ়োৱা হৈছিল বিশিষ্ট সাহিত্যক তথা অসম সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা প্ৰাপক থানেশ্বৰ মালাকাৰলৈ “সাহিত্য সাধনা” আৰু যুৱ প্ৰজন্মৰ অগ্ৰণী লেখক তথা “আৰোহিলন্তে” উপন্যাসৰ ৰচক জয়ন্ত ৰাজবংশীলৈ “সাহিত্য সৌৰভ” বঁটা ।

এই বঁটাটিত থাকে এটি স্মাৰক, সম্বদ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, চেলেং, জাপি ইত্যাদি । ডিমাকুছি সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি খগেন্দ্ৰ নাথ চহৰীয়া, সম্পাদক জয়ন্ত ৰাজবংশী, প্ৰাক্তন সভাপতি ধৰ্মকান্ত দাস আৰু প্ৰাক্তন সম্পাদক কেশৱ শৰ্মা, বৰ্তমানৰ বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন বড়ো সমন্বিতে ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত সোঁৱৰণী সাহিত্য সাধনা বঁটা অৰু সাহিত্য সৌৰভ বঁটা প্ৰাপক তিনিওলৈ অভিনন্দন জ্ঞাপন কৰে । ২০২৪/২০২৫ বৰ্ষৰ বঁটা প্ৰদাণ কৰা হ’ব এই বৰ্ষৰ এপ্ৰিল মাহৰ শেষৰ ফালে এই কথা এক প্ৰেছ বিবৃতি যোগে ডিমাকুছি সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে ঘোষণা কৰে ।।

Leave A Reply