Breaking

ভকতপাৰা সমবায় এজেণ্টৰ ব্যাপক খেলিমেলি বিনামূলীয়া চাউলত

0 130

মঙলদৈ

চৰকাৰে লকডাউনৰ সময়ত এপ্ৰিল মাহত বিপিএল কাৰ্ড থকা লোকসকলক এটকীয়া চাউল সম্পূৰ্ণ বিনামূলীয়াভাৱে দিয়াৰ ঘোষণা কৰাৰ পিছতো দৰং জিলাৰ ভকতপাৰা সমবায়ৰ এজেণ্ট আহেৰ আলিয়ে পইছা লোৱাৰ লগতে সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত কদমতলি গাঁৱৰ এইগৰাকী এজেণ্টে বিপিএল কাৰ্ড প্ৰতিখনৰ পৰা এক দুই পয্যন্ত  চাউল কাটি আহিছে বুলি ভুক্তভোগী ৰাইজে অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে৷ অভিযোগ অনুসৰি ভকতপাৰা সমবায় সমিতি লিমিটেডৰ অধীনত থকা কদমতলি গাঁৱৰ এজেণ্ট আহেৰ আলিয়ে প্ৰতিজন বিপিএল কাৰ্ডৰ ব্যক্তিৰ পৰা এক দুই কিলোকৈ চাউল কাটি আহিছে বুলি ৰাইজে অভিযোগ কৰাৰ লগতে লকডাউনৰ সময়ত ৰাজ্য চৰকাৰে বিপিএল কাৰ্ডৰ ব্যক্তিসকলক এপ্ৰিল মাহত বিনামূলীয়াকৈ চাউল যোগান ধৰিছিল যদিও এজেণ্টগৰাকীয়ে বিনামূলীয়াকৈ যোগান ধৰাৰ বিপৰীতে চাউলৰ বাবদ পইছা লোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে৷ চৰকাৰে বিনামূলীয়া ঘোষণা কৰাৰ পিছতো এজেণ্টজনে চাউলৰ বাবদ লোৱা পইছা সন্দৰ্ভত গাঁওবুঢ়া জমচেৰ আলিৰ নেতৃত্বত ৰাজহুৱা সভা পাতি বিনামূলীয়া চাউলৰ পৰা লোৱা পইছাখিনি ঘূৰাই দিবলৈ এজেণ্টজনক কোৱা হৈছিল আৰু এজেণ্টজনেও পইছাখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও পইছাখিনি এতিয়ালৈ ঘূৰাই নিদিয়াত ৰাইজ খোভিত হৈ পৰিছে৷ ৰাইজে আহেৰ আলিৰ সমবায় এজেণ্টৰ নামত থকা লাইচেঞ্চখন কাটি দিয়াৰ বাবে অসামৰিক খাদ্য আৰু যোগান বিভাগক আহ্বান জনায়৷ অৱশ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত সমবায়খনৰ অন্তগৰ্ত কদমতলি গাঁৱৰ এজেণ্ট আহেৰ আলিৰ লগত যোগাযোগ কৰাত আহেৰ আলিয়ে সাংবাদিকক কয় ৰাইজে অভিযোগ কৰাৰ দৰে বিপিএল কাৰ্ডৰ পৰা কোনো ধৰণৰ চাউল কাটি নাৰাখা সঠিকভাবে চাউল প্ৰদান কৰি আহিছে৷ অৱশ্যে এপ্ৰিল মাহত যিটো চাউল বিনামূলীয়াভাৱে ৰাইজক যোগান ধৰিব লাগিছিল সেই চাউলখিনি মাৰ্চ মাহৰ মাহৰ ২৮ তাৰিখে উঠাই চাৰকাৰৰ ঘোষণাৰ আগতে ২৯ তাৰিখে ৰাইজক বিলোৱা বাবে পইছাটো ল’বলগীয়া হৈছিল আৰু পইছাখিনি সমবায়ত জমা দিয়া বুলি জানিবলৈ দিয়ে আৰু সমবায়ে পইছাখিনি দিলেই ৰাইজক ঘূৰাই দিব বুলি কয়৷ বিষয়টিৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰিলে ওলাই পৰিব অভিযোগৰ প্ৰকৃত ৰহস্য৷

Leave A Reply