Breaking

ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ চেম্পীয়ন

0 2,252

গোৱালপাৰা জিলাৰ টিপলাইৰ সমীপৰ বৰপাথাৰ–বৰডোবা হাই স্কুল খেল পথাৰ প্ৰাঙ্গণত বৰপাথাৰ আঞ্চলিক জ্ঞানজ্যোতি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় এখনি প্ৰাইজমনি ভলীবল খেল প্ৰতিযোগিতা | বিগত এসপ্তাহ পূৰ্বে অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতা খনত অঞ্চলটোৰ আঠটা কৈ দলে যোগদান কৰে আৰু প্ৰতিযোগীতা খনৰ চূড়ান্ত খেল খন দেওবাৰে নিশাৰ ভাগত ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ আৰু পাহাৰপাৰা এভাৰগ্ৰীণ  দলৰ মাজত অনুষ্ঠিত হৈ যায় | তীব্ৰ উত্তেজনাপূৰ্ণ খেল  খনত ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ  চেম্পীয়ন হয় | খেল খনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পাহাৰপাৰা এভাৰগ্ৰীণ দলৰ ৰাকেশ বড়োয়ে | খেলৰ অন্তত সভাপতি ছফিজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান  কৰা হয় |সম্পাদক ছাহেৰ আলী শ্বেখে আঁত ধৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলোৰ সম্বৰ্ধণা জনোৱা অনুষ্ঠানৰ | খেল খনত বৰপাথাৰ-বৰডোবা , জিবাৰাঙা , শালবাৰী , দিঘলী বড়ী আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক লোকৰ উপৰিও কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে |

Leave A Reply