Breaking

আজি ভাৰত বন্ধ, গুৱাহাটীত ইয়াৰ আংশিক প্ৰভাৱ

0 1,201

কৃষক আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই কৃষক সংগঠনসমূহে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ দেশৰ বিভিন্ন ৰাজ্যত স্থানত  কিছু কিছু প্ৰভাৱ পৰিছে যদিও গুৱাহাটীত ইয়াৰ আংশিক প্ৰভাৱহে দেখিবলৈ পোৱা গৈছে। অসমতো কৃষি আইন বাতিলৰ দাবীৰে সংযুক্ত কিষাণ মর্চাই অহা আহ্বান জনোৱা ভাৰত বন্ধলৈ ৰাজ্যৰ ১৩টা বিৰোধী দলৰ লগতে একাধিক দল–সংগঠনে সমর্থন জনাইছে৷ দেশজুৰি দিনৰ ১১ বজাৰ পৰা ৩বজালৈ অব্যাহত থাকিব এই ভাৰত বন্ধ।

চি পি আই (এম) নেতা ইচফাকুৰ ৰহমানে প্রেৰণ কৰা এক বিবৃতিত প্রকাশ কৰা অনুসৰি কংগ্রেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মঞ্চ, এল ডি পি, আপ, আৰ জে ডি, অসম সংগ্রামী মঞ্চ, চি পি আই (এম), চি পি আই, চি পি আই (এম এল) আৰু আৰ চি পি আই দলে এই বন্ধলৈ সমর্থন আগবঢ়াইছে৷

Leave A Reply