Breaking

৮ ডিচেম্বৰত ভাৰত বন্ধ

0 1,096

ডিজিটেল ডেস্ক : শুকুৰবাৰে বিজ্ঞান ভৱনত  কেন্দ্ৰীয়  কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল ৪০টা কৃষক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল। সেইদৰে  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও কৃষকনেতাৰ সৈতে আলোচনাত মিলিত হৈ সমস্যা সমাধানৰ চেষ্টা কৰিছিল। কিন্ত প্ৰতিবাদী কৃষকে মানি নলয় বিতৰ্কিত কৃষি আইনৰ সংশোধন । তিনিওখন কৃষকবিৰোধী কৃষি আইন বাতিলৰ দাবীত শুকুৰবাৰৰ দিনটোতো দিল্লীৰ লগতে সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থাকে কৃষকৰ আন্দোলন। কৃষকৰ প্ৰতিবাদত প্ৰায় স্তব্ধ হৈ পৰিছে দিল্লীৰ ৰাজপথ সমূহ।  ৰাজপথত অৱস্থান গ্ৰহণ কৰি থকাৰ ফলত পৰিবহণ আৰু যোগাযোগ প্ৰায় বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

আনহাতে অহা ৮ ডিচেম্বৰত তিনিওখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত এদিনীয়া ভাৰত বন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে । ভাৰতীয় কিষাণ ইউনিয়নৰ সাধাৰণ সম্পাদক এইচ এছ লখৱালে শুকুৰবাৰে জনোৱা মতে,  ৫ ডিচেম্বৰত সমগ্ৰ  দেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰা হ’ব আৰু ৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু টোলগেট সমূহ অৱৰোধ কৰা হ’ব।

Leave A Reply