Breaking

হাটশিঙিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল যোগদান সভা…

0 24

হাটশিঙিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল যোগদান সভা
লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ততে মানকাচৰ সমষ্টিৰ ফুলেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাগানপাৰা গাওঁত মঙ্গলবাৰে নিশা ভাৰতীয় জনতা পাৰ্টীৰ এক বিশাল যোগদান সভাৰ আয়োজন কৰে ।উক্ত যোগদান কাৰ্য্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা শ শ ভোটাৰে আনুষ্ঠানিক ভাবে বি.জে.পি.ত যোগদান কৰে।

উল্লেখ্য যে উক্ত সভাত উপস্থিত থকা হাটশিঙিমাৰী সদৰ মণ্ডলৰ সভাপতি আব্দুল আলিম মোল্লাই ভোটাৰৰ মোন আকৃষ্ট কৰা লক্ষ্যৰে ভাষণ প্ৰদান কৰি সমাগত লোকসভা নিৰ্বাচনত মানকাচৰ সমষ্টিত বিজেপিৰ ভেটি মজবুত কৰি ধুবুৰী লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মৃত্ৰজোঁটৰ এ.জি.পিৰ মনোনীত প্ৰাৰ্থীক ভোট দি সাংসদ

হিচাপে নিৰ্বাচিত কৰিবলৈ আহ্বান কৰে । উক্ত যোগদান কাৰ্য্যসূচী হাটশিঙিমাৰী সদৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় যত উপস্হিত আছিল দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰ্য্যায়ৰ বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগতে বহুত ভোটাৰ ।

Leave A Reply