Breaking

এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভৱেশ কলিতাই…

0 12

আগন্তুক লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত বাক্সা জিলাৰ বিজনীত এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়ী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত ’বিজয় সংকল্প সমাৱেশ’ত অংশগ্ৰহণ কৰি উপস্থিত জনসাধাৰণক সম্বোধন কৰে ভৱেশ কলিতাই ৷

কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ প্ৰতি বিজনীবাসী ৰাইজৰ অপাৰ মৰম আৰু আশীৰ্বাদ দেখি সঁচাকৈ আপ্লুত হয় ভৱেশ কলিতা ৷

উক্ত জনসভাত বিজনীবাসী ৰাইজক এখন বিকশিত কোকৰাঝাৰ আৰু বিকশিত অসম নিৰ্মাণৰ স্বাৰ্থত ৭ মে’ৰ দিনটোত সকলোৱে ওলাই আহি ‘টেক্টৰ’ ছবিত বিপুল ভোট প্ৰদান কৰি শ্ৰী জয়ন্ত বসুমতাৰীক বৃহৎ বিজয় কৰি তুলিবলৈ আহ্বান জনাই ভৱেশ কলিতাই ।

Leave A Reply