Breaking

লখিমপুৰৰ তেলীয়াপথাৰ ঘণচৰাই অঞ্চলৰ ভীমপৰা – ন আলী মথাউৰিৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

0 30

বিগত কিছুদিন ধৰি লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তেলীয়াপথাৰ ঘণচৰাই অঞ্চলত সোৱনশিৰি নদীয়ে ভীমপৰা – ন আলী মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি বিস্তৰ ক্ষতি কৰিছে ।

আজি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ সৈতে এই খহনীয়া পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকা । জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে বুলি কয় মন্ত্ৰী পীয়ূষ হাজৰিকাই । আজি পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগে হাতত লোৱা পদক্ষেপ সমূহৰ বুজ লোৱাৰ লগতে অতি ক্ষিপ্ৰতাৰে এই কাম সমূহ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্ত , বিশিষ্ট সমাজ সেৱক ফণীধৰ বৰুৱা তথা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave A Reply