Breaking

দীঘলীপুখুৰীত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ আয়োজন “ভোগালী মেলা-২০২৩”

0 116

চহা জীৱনত দৃশ্যমান ভোগালী বিহুৰ এক অনন্য পৰিৱেশত জীপাল দীঘলীপুখুৰী…বাপতিসাহোন ভোগালী বিহুটিৰ পৰম্পৰা তথা বিহুটিৰ সৈতে সংপৃক্ত অসমীয়া খাদ্য সম্ভাৰক অতি নিভাঁজ ৰূপত উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত এক গ্ৰাম্য পৰিৱেশত উপস্থাপনৰ প্ৰয়াসেৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে দীঘলীপুখুৰীত আয়োজন কৰা “ভোগালী মেলা-২০২৩” অনুষ্ঠানটিৰ আজি শুভ উদ্বোধনৰ মূৰ্হুত্তত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা আৰু প্ৰাইড ইষ্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মা । এই প্ৰয়াসৰ নেতৃত্ব লোৱা প্ৰাইড ইষ্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই। লগতে অসম প্ৰদেশ কৃষক মৰ্চাৰ সহযোগিতাৰো শলাগ লয় মন্ত্ৰীগৰাকীয়ে। অৰ্থনৈতিক স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰাৰ লগতে ভোগালীৰ পৰম্পৰা ৰক্ষা আৰু ভোগালীৰ বাণিজ্যিকীকৰণতো এই মেলাখনে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। কিয়নো, গ্ৰামাঞ্চলৰ মহিলাসকলে প্ৰস্তুত কৰা লাড়ু, পিঠাকে ধৰি ভোগালীৰ বিভিন্ন ভোগৰ সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ এক বিশেষ মঞ্চ প্ৰদান কৰিছে এই মেলাখনে।

অসমীয়া গ্ৰাম্য জীৱনৰ অন্যান্য চহকী কৃষ্টি-সংস্কৃতিৰ পৰিৱেশো প্ৰাইড ইষ্ট লিমিটেডৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাৰ উদ্যোগত অনাগত দিনত মহানগৰীত এইদৰে উপস্থাপন হ’ব বুলি আশা ৰাখে, যিয়ে দেশ-বিদেশৰ নাগৰিকক অসমৰ চহকী কৃষ্টি-সংস্কৃতিৰ বিষয়ে পৰিচয় কৰোৱাত এক সুযোগ প্ৰদান কৰিব।আজিৰ অনুষ্ঠানটিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংস্থা, সংগঠন, আত্মসহায়ক গোট, কৃষক উৎপাদক কোম্পানী, কৃষক গোটে প্ৰস্তুত কৰা থলুৱা ভিন্ন খাদ্য সামগ্ৰী, বস্ত্ৰ, পৰম্পৰা, ৰন্ধন-প্ৰকৰণ আদি প্ৰত্যক্ষ কৰি আপ্লুত হয় মন্ত্ৰীগৰাকীয়ে। ভোগালীয়ে কঢ়িয়াই আনক অসমীয়া জাতীয় জীৱনলৈ একতা আৰু সম্প্ৰীতিৰ বতৰা, তাৰেই কামনাৰে সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই।প্ৰাইড ইষ্ট লিমিটেডৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাই, ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা, “নিউজ লাইভ”ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, “নিয়মীয়া বাৰ্তা”ৰ সম্পাদক শ্ৰী নৰেশ কলিতা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ৰাইজৰ অনুষ্ঠানটিত উপস্থিত থাকে।

( লেখাটি মন্ত্ৰী অতুল বৰা পেজৰ পৰা লোৱা হৈছে )

Leave A Reply