Breaking

দৰঙৰ বুঢ়ীনগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢোপৰতল গড়ভঙা নৱ নিৰ্মিত শিৱ মন্দিৰৰ ভূমি পূজন

0 71

দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা আৰু ভক্তপ্ৰান ৰাইজৰ উপস্থিতিত ভূমি পূজন কৰিলে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।


আয়তিৰ উৰুলি শংঙ্খ ধ্বনিৰ মাজেৰে নাৰিকল ভাঙি নিৰ্মান কাৰ্যৰ শুভাৰম্ভনিৰ সময়ত উপস্থিত থাকে সৰাবাৰী আৰু বুঢ়ীনগৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীদ্বয়।

ইয়াৰ পিছতেই অৱসৰপ্ৰাপ্ত শিক্ষক জল্টি শৰ্মাই সভাপতিত্ব কৰা সভাখনত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকাই আধ্যাত্মিক ভাষনেৰে উপস্থিত ৰাইজক মুগ্ধ কৰে।

বিধায়ক পৰমানন্দ ৰাজবংশীয়ে মন্দিৰ নিৰ্মাণ ৰ লগতে আধ্যাত্মিকতা পৰিবেশ সৃষ্টিৰ জৰিয়তে ঐতিহাসিক গড় ভঙা দেউলৰো উন্নয়ন কৰি দৰঙৰ পুৰণি কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে প্ৰয়াস কৰিব বুলি মন্তব্য কৰে।

১৯ মাৰ্চ তাৰিখে ওজাপালি সমাৰোহ অনুস্থিত কৰাৰ লগতে ব্যাসৰ সংগীতক ধ্ৰুপদী সম্পদ হিচাপে গঢ়ি তোলাৰ কামত হাত দিব বুলি মন্তব্য কৰে।

Leave A Reply