Breaking

দিছপুৰ অভিমুখে ৰাওনা হ’ল ভুৱন গাম

0 70

 ৯৯ নং মাজুলী বিধান সভা(এছ টি) সমষ্টিৰ পৰা সদ্য সমাপ্ত উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গাম প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী ৰূপে নিৰ্বাচিত হোৱাৰ পিছত ইতিমধ্যে মাজুলীৰ জন প্ৰতিনিধিগৰাকী দিছপুৰ অভিমুখে ৰাওনা হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামক আনুষ্ঠানিক ভাবে জয়ী ঘোষণা কৰাৰ পিছতে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা বিধান সভালৈ নিৰ্বাচিত হোৱাৰ প্ৰমাণ -পত্ৰ লাভ কৰাৰ পিছত ১১ মাৰ্চৰ পুৱাই ভুৱন গাম পত্নী পুণ্যৱতী গাম, বিজেপি মাজুলী জিলা সমিতিৰ সভাপতি লোকনাথ কুটুম, সম্পাদকদ্বয় দেব মুদৈ, দেবব্ৰত দত্ত, অগপৰ সম্পাদকদ্বয় ব্ৰজেন গাম, জিতু ভূঞা, বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা বিকাশ বৰা, মহিলা মৰ্চাৰ সভানেত্ৰী ৰেখা বৰা বৰুৱা, এচ টি মৰ্চাৰ সভাপতি কিশোৰ গাম, গনশক্তি দলৰ জিলা সম্পাদক ত্ৰৈলোক্য পামেগামসহ কমলাবাৰী ঘাটেৰে গুৱাহাটীলৈ ৰাওনা হয় ৷

নৱনিৰ্বাচিত জনপ্ৰতিনিধি ভুৱন গামে কালিলৈ বিধান সভাৰ অধিবেশন আৰম্ভ হোৱাৰ প্ৰাকমূহূৰ্তত শপত গ্ৰহণ কৰিব। গুৱাহাটীত উপস্থিত হৈ ভুবন গামে মুখ্যমন্ত্রী, বিধানসভাৰ অধ্যক্ষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাক সাক্ষাৎ কৰে।

Leave A Reply