Breaking

জৱকাৰ্ডৰ ধন আবণ্টনত বিয়াগোম দুৰ্নীতিঃ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ…

0 53

মুক্তিয়াৰ গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ 

জৱকাৰ্ডৰ ধন আবণ্টনত বিয়াগোম দুৰ্নীতিঃ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ।

ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনত থকা মুক্তিয়াৰ গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ হিতাধিকাৰীৰ ধন আবন্টৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰী সকলে। সিহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰিছে যদিও মাজত হেঙাৰ হৈ পৰিছে পঞ্চায়ত খনৰ একাংশ লোভীয়া কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধি সকল। হিতাধিকাৰী সকলে অনা অভিযোগ অনুসৰি মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ ১ নং ভৈৰৱপুৰ, ২ নং ভৈৰৱপুৰ, খেৰবাৰী বাঙালী, দক্ষিণ ভৈৰৱপুৰ, কদমতলা, মানিকপুৰ, বালিকুৰ, বোকাবিল, আৰ্নেচাপৰি, মুক্তিয়াৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিতাধিকাৰী সকলৰ পিএমএৱাই-জি গৃহৰ জবকাৰ্ডৰ ধন মুঠ ২১৭০০ টকা একাউণ্টত ভৰাবলৈ পঞ্চায়ত কৰ্মীক দিব লাগে ২০০ শ ৰ পৰা ৫০০ শ টকা লৈকে উৎকোচ।

উৎকোচ নিদিলে দৰিদ্ৰ হিতাধিকাৰীৰ বেংক একাউণ্টত নোমায় পিএমএৱাই-জি গৃহৰ জবকাৰ্ডৰ ধন। পিএমএৱাই গৃহ প্ৰদানতো পঞ্চায়ত খনৰ একাংশ ৱাৰ্ড সদস্য ই হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আছে বহুত। উল্লেখ্য যে এই সমূগ্ৰ ধনৰ অংশ পঞ্চায়তখনৰ সভাপতি-সচিবৰ পকেটত যায়। যাৰ বাবে ৰাইজে পঞ্চায়ত খনৰ সচিব গৰাকীক অভিযোগ দিলেও কেৱল ৰসাল মন্তব্য দি নিজৰ দায়িত্ব সামৰে। ইফালে দুখন পঞ্চায়তৰ সচিবৰ দায়িত্বত থকা সচিব গৰাকীক পঞ্চায়ত খনত ৰূপায়িত উন্নয়ন মুলক কামৰ তথ্য বিচাৰি আৰ টি আই  তথ্য যোগানত বিৰত থাকে তেওঁ তাৰ পৰিবৰ্তে আৰ টি আই কৰ্মীক ধন দি মেনেজ কৰাৰ চেষ্টা চলাই ।

দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ থকা ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত চিলাপথাৰৰ মুক্তিয়াৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ ধন আবন্টনত বিয়াগোম দুৰ্নীতি ৰ আশ্ৰয় লোৱা ঘোচখোৰ জনপ্ৰতিনিধিৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে হিতাধিকাৰীৰ লগতে স্হানীয় দল সংগঠনৰ কৰ্মীয়ে ।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply