Breaking

শিশু সুৰক্ষা সুনিশ্চিত কৰিবলৈ ওদালগুৰিত ছাত্র ছাত্ৰীৰ চাইকেল ৰেলি

0 108

অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ আহ্বান মৰ্মে মঙলবাৰে ওদালগুৰি জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক শিশু সুৰক্ষা ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ অংশস্বৰূপে চাইকেল ৰেলি কাৰ্যসূচী ৰূপায়ন কৰে।

ওদালগুৰি জিলা উপায়ুক্ত ড° সাদনেক সিঙে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰা ৰেলিত এছুবফোৰ্ড একাডেমী চিনিয়ৰ চেকণ্ডাৰী স্কুল আৰু ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এন এছ এছৰ ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

ৰেলিৰ লগত সংগতি ৰাখি শিশু সুৰক্ষা সম্পৰ্কীয় বাৰ্তা পত্ৰ বিতৰণ কৰা হয়।

ছাত্র ছাত্ৰী সকলে শিশু সুৰক্ষা সু নিশ্চিত কৰক, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক আদি শ্লোগানেৰে উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি জিলা শিশু সুৰক্ষা গোটৰ কাৰ্যালয়লৈ চাইকেল ৰেলিৰে শিশু অধিকাৰ সম্পৰ্কে ৰাইজক সজাগ কৰে।

জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই অনুষ্ঠান আঁত ধাৰাৰ প্ৰসংগত কয় যে সকলোৰে মানসিক, বৌদ্ধিক বিকাশ হ’লেহে শিশু সুৰক্ষা হ’ব, শিশু সকল দেশৰ ভবিষ্যত,এই ভৱিষ্যতক সুৰক্ষা দিয়া, সমাজ পৰিৱৰ্তন কৰা আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব।

অনুষ্ঠানটোত জিলা সহকাৰী আয়ুক্ত পংখী হাজৰিকা, জিলা শিশু সুৰক্ষা গোটৰ সুৰক্ষা বিষয়া ড° পল্লৱী শৰ্মা, কোষাধ্যক্ষ প্ৰণৱ তালুকদাৰ উপস্থিত থকাৰ লগতে এম আৰ এছ ডি এনজিঅৰ অধ্যক্ষ মিলন দাস, ফেৰেঙ্গাদাউ এন জি অৰ সম্পাদক হেমন্ত শৰ্মা,চাইল্ড লাইন,দত্তক গ্ৰহণ কেন্দ্ৰৰ বিষয় ববীয়াই সহযোগ কৰে।

-অৰূপ বড়ো, টংলা

Leave A Reply