Breaking

BIG B অমিতাভ বচ্ছনে আজিও খায় পত্নীৰ গালি। কাৰণটো মোবাইল ফোন। বিশ্বাস হয়নে?

0 33

অমিতাভ আৰু জয়া, বলিউডৰ তাৰকা দম্পত্তিসকলৰ ভিতৰত অন্যতম।

কিন্তু বলিউডৰ বিগবি অমিতাভ বচ্ছনেও মাজে মাজে গালি শুনিব লগা হয় পত্নী জয়াৰ। কিন্তু কি পৰিস্থিতিত জয়াই অমিতাভক গালি দিয়ে? শেহতীয়াকৈ কেবিচিৰ এগৰাকী প্ৰতিযোগীয়ে এই প্ৰশ্ন সুধে বিগ বিক। তাৰ উত্তৰত বিগ বিয়ে কয় যে যেতিয়া জয়াৰ ফোন কল অমিতাভে নধৰে, তেতিয়াই তেওঁৰ পত্নীৰ পৰা গালি শুনিব লগা হয়।

”মই ভাবো, সকলো পুৰুষেই মোৰ স’তে সহমত হ’ব। সেইফালৰ পৰা ফোন আহিল। আৰু আপুনি সেই ফোন কলটো ধৰিব নোৱাৰিলে। বচ্, তেনেহ’লে হৈ গ’ল আৰু!’’- বিগ বিয়ে কয়।

বিগবিয়ে কয় যে পত্নী জয়াই যেতিয়াই ফোন কৰিব, তেতিয়াই সেই ফোন কলটো তেওঁ ধৰিব লাগিব। অন্যথা তীব্ৰ গালি শুনিব লগা হয়।

ছৱিৰ শ্বুটিংঙৰ মাজতো বিগবিয়ে পত্নী জয়াৰ ফোনকল চম্ভালিব লগা হয়। ব্যস্ততাৰ মাজতো যাতে জয়াৰ ফোন মিছ নহয়, সেইবাবে এটা উপায় অবলম্বন কৰিছে তেওঁ।

”মোৰ চেক্ৰেটাৰীক কোৱা আছে যে জয়াৰ ফোন আহিলে যাতে ৰিচিভ কৰে। মই কি কৰিছো, ক’ত আছো, সকলো যাতে তেওঁক জনাই দিয়ে।’’- বিগ বিয়ে কয়।

কিন্তু ইয়াৰ পাছতো জয়াৰ গালি শুনে বিগবিয়ে। জয়াই বিগবিৰ আগত আপত্তি কৰে যে নিজৰ স্বামীৰ স’তে কথা পাতিবলৈও পত্নীয়ে চেক্ৰেটাৰীৰ জৰিয়তে সংযোগ কৰিব লগা হৈছে।

বিগ বিৰ এই উত্তৰ শুনি অনুৰাগীসকলে হাঁহিত বাগৰি পৰে। উল্লেখ্য যে শুক্ৰবাৰে বিগবিৰ এখন নতুন ছৱি ‘উঁচাই’ মুক্তি লাভ কৰিছে। বৃহসপ্তিবাৰে ছৱিখনৰ বিশেষ প্ৰদৰ্শনিত উপস্থিত আছিল জয়া বচ্ছন।

Leave A Reply