Breaking

টেঙাখাত আৰক্ষীৰ বৃহৎ সাফল্য , অভিযানত গাঞ্জা সহ: এজনক আটক…   

0 85

 টেঙাখাত আৰক্ষী থানাৰ  সহকাৰী আৰক্ষী পৰিদৰ্শক  বিষয়া বেবী নেওগৰ    নেতৃত্বত আজি আৰক্ষী বাহিনীয়ে চলোৱা এক অভিযানত  গাঞ্জা সহ: এজন  গাঞ্জা দোকানীক আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰামতে উল্লেখিত আৰক্ষী বাহিনীয়ে নিচাযুক্ত দ্ৰব্য  ব্যৱসায়ৰ  বিশেষ সূত্ৰৰ  পমখেদি আজি সন্ধিয়া প্ৰায়  ৬-৩০  বজাত অচিতপুৰ নতুন লাইনৰ  দেবানন্দ মাঝি (৬০) নামৰ  ব্যক্তিজনৰ ঘৰত  ভাঙৰ দোকানত তালাচি চলাই  ৮ টা প্লাষ্টিক পাত্ৰত ৰখা তথা মুক্ত বেগত ৰখা  ১.০১৭ গ্ৰাম গাঞ্জা জব্দ  কৰাৰ লগতে দেবানন্দ  মাঝিক আটক কৰি টেঙাখাত থানালৈ আনে ।

ঘটনাৰ সম্পৰ্কে অধিক তথ্যৰ বাবে  আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি  জানিব পৰা গৈছে  ।                                                     

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ ৰিপৰ্ট

Leave A Reply