Breaking

‘বিগ বছ ১৭’ বিজয়ী মুনাৱাৰ ফাৰুকীক আটক…

0 26

‘বিগ বছ ১৭’ৰ বিজয়ী তথা কমেডিয়ান মুনাৱাৰ ফাৰুকি পুনৰবাৰ বিতৰ্কৰ জালত আবদ্ধ হৈ পৰা দেখা গৈছে। যোৱা নিশা মুম্বাই আৰক্ষীয়ে হুকা বাৰত অভিযান চলাই আন কেইবাজনো লোকৰ সৈতে মুনাৱাৰ ফাৰুকীক আটক কৰি ৰাখিছিল। খবৰ অনুসৰি, আৰক্ষীয়ে হুকা বাৰত ধঁপাত সেৱনৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছত আৰক্ষীয়ে ফ’ৰ্ট অঞ্চলত অৱস্থিত হুকা বাৰত অভিযান চলায়, য’ৰ পৰা আৰক্ষীয়ে বিগ বছ ১৭ বিজয়ী আৰু কমেডিয়ান মুনাৱাৰ ফাৰুকীকে ধৰি বহু লোকক আটক কৰে।

মুম্বাই আৰক্ষীৰ বিবৃতি অনুসৰি ফ’ৰ্ট এলেকাৰ হুকা বাৰত অভিযানৰ সময়ত আটক কৰি ৰখা বিগ বছ ১৭ বিজয়ী মুনাৱাৰ ফাৰুকী কনট্ৰ’ভাৰ্ছি আৰু আন ১৩জনক জেৰাৰ অন্তত মুকলি কৰি দিয়া হৈছে। আটাইকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ মতে, মুম্বাইৰ ফ’ৰ্ট এলেকাত চলি আছিল অবৈধ হুকা বাৰ। আৰক্ষীৰ অভিযানৰ সময়ত হুকা বাৰৰ পৰা নগদ ৪৪০০ টকা আৰু প্ৰায় ১৩ হাজাৰ টকাৰ ৯টা হুকা পাত্ৰ জব্দ কৰা হয়। আৰক্ষীয়ে চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইনৰ ধাৰাত গোচৰ ৰুজু কৰিছে।

Leave A Reply