সৰ্ববৃহৎ কেলেংকাৰি সংঘটিত হৈছে শ্বেয়াৰ বজাৰতঃ মোদী-শ্বাহৰ বিৰুদ্ধে আঙুলি টোৱাই তদন্ত বিচাৰিলে ৰাহুল গান্ধীয়ে…

মোদী-শ্বাহৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাহুল গান্ধী।ৰাহুলে দাবী কৰে যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুকলিকৈ কৈছিল। তেওঁলোকে কিয় এনে কৰিলে? নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বিনিয়োগকাৰীক শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ কিয় পৰামৰ্শ দিছিল বুলি প্ৰশ্ন কৰে ৰাহুলে। এই প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা ৪ জুন মঙলবাৰে শ্বেয়াৰ বজাৰৰ পতনৰ বাবে তেওঁ পৰোক্ষভাৱে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ আঙুলিয়াই দিয়ে। লগতে এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰো দাবী উত্থাপন কৰে। তেওঁ কয় যে শ্বেয়াৰ বজাৰৰ পতনৰ আঁৰত কাৰোবাৰ ডাঙৰ হাত আছে। ইয়াক ইতিহাসৰ অন্যতম বৃহৎ দুৰ্নীতি বুলিও দাবী কৰে ৰাহুলে। অৱশ্যে বিজেপিয়ে দাবী কৰিছে যে কংগ্ৰেছে বিনিয়োগকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।

যোৱা মঙলবাৰে, যিদিনা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল, সেইদিনা শ্বেয়াৰ বজাৰত অভাৱনীয় অৱনতি ঘটিছিল। দিনটোৰ এটা সময়ত চেন্সেক্স ৫ হাজাৰ পইণ্টৰ ওপৰত হ্ৰাস পাইছিল। দিল্লীত এখন সংবাদমেলযোগে এই সন্দৰ্ভত এইদৰে কয় ৰাহুলে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শ্বেয়াৰ বজাৰ সন্দৰ্ভত মুকলিকৈ কৈছিল। তেওঁলোকে কিয় এনেদৰে কৈছিল? ৰাহুলে প্ৰশ্ন কৰে “মোদী, শ্বাহ, সীতাৰমণে বিনিয়োগৰ পৰামৰ্শ কিয় দিছিল?” এয়া তেওঁলোকৰ কাম আছিল নেকি?” ইয়াৰ পিছত ৰাহুলে শ্বাহৰ মন্তব্যক আলোকপাত কৰি কয় যে ১৩ মে’ত শ্বাহে বিনিয়োগকাৰীক ৪ জুনৰ পূৰ্বে শ্বেয়াৰ ক্ৰয় কৰিবলৈ কৈছিল। ১৯ মে’ৰ পৰা ২৮ মে’লৈ মোদীয়ে বাৰে বাৰে কৈছে যে ৪ জুনত শ্বেয়াৰ বজাৰে অভিলেখ সৃষ্টি কৰিব। এই সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছিল। মন কৰিবলগীয়া। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়েও একেই কথাই কৈছিল।


লগতে ৰাহুলে দাবী কৰে যে বিজেপিয়ে জানিছিল যদিও ৩ জুনত শ্বেয়াৰ বজাৰ বৃদ্ধি পাব, ৪ জুনত হ্ৰাস পাব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কিয় সাধাৰণ ৰাইজক বিনিয়োগ কৰিবলৈ ক’লে? এই প্ৰশ্ন উত্থাপন কৰিলে ৰাহুলে। তেওঁ কয় তেওঁলোকৰ কথা শুনিয়েই বিনিয়োগকাৰীয়ে ৩০ লাখ কোটি টকা লোকচান ভৰিলে। ৰাহুলে কয়, মোৰ কিছু প্ৰশ্ন আছে- এক, ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা পাঁচ কোটি পৰিয়ালক বিনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে কিয় পৰামৰ্শ দিলে? দুই, এই বিষয়ক সাক্ষাৎকাৰ দুটা কিয় একেটা সংবাদ মাধ্যমক প্ৰচাৰ কৰা হ’ল? সেই সংবাদ মাধ্যমৰ মালিকানাধীন কোম্পানীটোৰো শ্বেয়াৰ বজাৰত প্ৰভাৱ পেলোৱাৰ অভিযোগত ছেবিয়ে তদন্ত চলাই আছে। তৃতীয়তে, বিজেপি, ভুৱা এগজিট প’ল আৰু বিদেশী বিনিয়োগকাৰীৰ মাজত কি সম্পৰ্ক আছে?” ইয়াৰ পিছত সাংবাদিকসকলে প্ৰশ্ন কৰে, এই সকলোবোৰৰ আঁৰত আদানী গোট আছে নেকি? ইয়াৰ উত্তৰত ৰাহুলে কয় যে আদানী জড়িত থাকিব পাৰে, কিন্তু ইয়াৰ আঁৰত আৰু শক্তিশালী হাত আছে। তেওঁৰ ভাষাত, “আমি বিচাৰো যে সৰ্ববৃহৎ শ্বেয়াৰ বজাৰ দুৰ্নীতিৰ সন্দৰ্ভত সংসদীয় সমিতিৰ যৌথ তদন্ত হওক। আমি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু নিৰ্বাচনৰ সমীক্ষা চলোৱা সংস্থাসমূহৰ বিৰুদ্ধে তদন্ত বিচাৰো।” উল্লেখ্য এগজিট প’লৰ দিনটোত শ্বেয়াৰ বজাৰত উত্থান ঘটিছিল ।কিন্তু ফলাফলৰ দিনটোত হ্ৰাস পাইছিল। ফলত বহু বিনিয়োগকাৰীৰ ধন পানীত পৰিছিল।

Related Articles