বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংছালী দলনী গাঁওৰ কৃষ্ণ প্ৰসাদ ভট্টৰায়ে ফাষ্ট ফুডৰ দোকান দি নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে । বিগত ষোল্ল বছৰে ভাৰতৰ বিভিন্ন স্থানত বিশেষকৈ দিল্লী,তামিলনাডু,কেৰেলা,বেংলোৰ আদিত কৰ্ম সস্থানৰ বাবে থাকি অৱশেষত নিজ গৃহভুমি বিহালীলৈ ঘুৰি আহি ব্যৱসায় আৰম্ভ কৰিছে। দুবছৰ আগতে বিহালীৰ নাচবৰ আৰু ৰাংছালী দলনী গাঁওত ঠেলাত ফাষ্টফুডৰ দোকান আৰম্ভ কৰা কৃষ্ণই বৰ্তমান কমাৰ পুখুৰী তিনিআলিত সোণটি দাসৰ মাৰ্কেট চেটত এটি ৰূম ভাড়াত লৈ স্থায়ী ভাৱে ব্যৱসায় আৰম্ভ কৰি পাচ জনীয়া পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে।
ফাষ্ট ফুডৰ উপৰিও বানানা,এপল,বাদাম,মেঙ্গো,পাইনোপল চেক আৰু জুচ বিক্ৰী কৰে। তেওঁ অসমৰ পৰা বিভিন্ন স্থানত গৈ কৰ্মসস্থাপন বিচাৰী ঘুৰি ফুৰাতকৈ অসমতে থাকি নিজা ব্যৱসায় কৰিলে যথেষ্ট লাভ হয় বুলি মন্তব্য কৰে।

