Breaking

আকৌ এবাৰ, এন.ডি.এ চৰকাৰঃ বিহাৰত নিৰ্বাচনী ৰণদংকা প্ৰধানমন্ত্ৰীৰ

0 91

দৈনন্দিন বাৰ্তা সেৱাঃ নিৰ্বাচন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰিছে নিজ-নিজ দলীয় প্ৰাৰ্থীসমূহৰ প্ৰচাৰকলৈ। শুক্ৰবাৰে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰধানমন্ত্ৰী মোডীয়ে অনুচ্ছেদ ৩৭০ প্ৰসংগ উল্লেখ কৰি যিবোৰ ৰাজনৈতিক দলে শাসনৰ ক্ষমতালৈ আহিলে পুনৰ অনুচ্ছেদ ৩৭০ আনিম বুলি হুংকাৰ দিছে তেওঁলোকৰ বিহাৰৰ ৰাইজক ভোট খোজাৰ নৈতিক অধিকাৰ নাই।

অহা সপ্তাহত অনুষ্ঠিত হব লগা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে বিহাৰত উপস্থিত হৈ নিজৰ প্ৰথমখন সমাৱেশত ৩৭০ অনুচ্ছেদৰ আধাৰত জম্মু আৰু কাশ্মীৰত বিশেষ ৰাজ্যৰ মৰ্য্যদা কিয় হ্ৰাস কৰা হৈছিল বুলি বিৰোধীক কঠোৰ সমালোচনা কৰে। নীতীশ কুমাৰে নেতৃত্বাধী জনতা দল ইউনাইটেডে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে লগ লাগি পুনৰবাৰ চৰকাৰ গঠণ কৰিব বুলি দাবী কৰে।

বিৰোধী দল আৰ.জে.ডিক সমালোচনা কৰি মোডীয়ে নিতীশ কুমাৰৰ সু-শাসন আৰু কোৰোনাৰ সময়ত লোৱা পদক্ষেপৰ বাবেই বিহাৰৰ ৰাইজে গণতন্ত্ৰৰ উ সৱ পালন কৰিব পাৰিব বুলি উল্লেখ কৰে। বিহাৰত বিধানসভাৰ নিৰ্বাচন ২৮ অক্টোবৰৰ পৰাতিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে ১০ নৱেম্বৰত ভোট গণনা কৰা হ’ব বুলি জনায়। মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে ২৮ অক্টোবৰত প্ৰথম পৰ্যায়ত ৭১ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব।

আনবাতে দ্বিতীয় পৰ্যায়ত ৩ নৱেম্বৰত ৯৪ খন আসনৰ বাবে আৰু ৭ নৱেম্বৰত তৃতীয় পৰ্যায়ত ৭৮ খন আসনৰ বাবে ভোট গ্ৰহণ কৰা হ’ব। জানিব পৰা মতে ভোটদানৰ সময় এঘণ্টা বৃদ্ধি কৰি সন্ধিয়া ৬ বজালৈ নিৰ্ধাৰণ কৰা হৈছে আৰু কোৱিড ৰোগীসকলে দিনটোৰ শেষৰটো ঘণ্টাত ভোট দিব পাৰিব। কোৰোনা মহামাৰীৰ বয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বান্ধি দিয়া সকলো নিয়ম কঠোৰ ভাৱে পালন কৰিবলৈ নিৰ্দেস দিছে।

বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে ৭ লাখ হেণ্ড চেনিটাইজাৰ পইণ্ট, ৪৬ লাখ মাস্ক, ৬ লাখ পি পি ই কিট, ৬ লাখ ৭০ হাজাৰ ফেচশ্বিল্ড আৰু ২৩ লাখ যোৰ হেণ্ডগ্লোভচৰ ব্যৱস্থা কৰা হৈছে বুলি আয়োগে জানিবলৈ দিয়ে। লালু প্ৰসাদ প্ৰসাদ যাদৱৰ লগতে বিপক্ষ দল সমূহেও ব্যপক নিৰ্বাচনী প্ৰচাৰ কৰা দেখা গৈছে। কি হব বিৰোধীৰ নতুন ৰণকৌশল, এইবাৰ বিহাৰৰ ভোটাৰ কাৰ লগত, কোনো মাৰিব শেষ হাহিঁ তাৰ বাবে আপুনি ৰব লাগিব ১০ নবেম্বৰলৈ।

Leave A Reply