Breaking

চৰকাৰ সলনিৰ পিছত বিহাৰত প্ৰৱেশ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা…

0 25

বিহাৰৰ মুখ্যমন্ত্রী নীতেশ কুমাৰে ‘মহাগড় বন্ধন’ৰ পৰা ওলাই আহি দেওবাৰে বিজেপি নেতৃত্বাধীন মিত্রজোঁট এন ডি এত যোগদান কৰে৷ ১৪ জানুৱাৰীত যেতিয়া ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া বিহাৰত ‘মহাগড়বন্ধন’ চৰকাৰৰ ক্ষমতা আছিল, য’ত তেওঁৰ দল কংগ্ৰেছ মিত্ৰতাৰ অংশ আছিল। কিন্তু সোমবাৰে যেতিয়া তেওঁৰ বাছখন কিষাণগঞ্জত প্ৰৱেশ কৰিছিল তেতিয়া তাত চৰকাৰ সলনি হৈছিল। বিহাৰৰ মুখ্যমন্ত্ৰী নীতেশ কুমাৰে ‘মহাগড় বন্ধন’ৰ পৰা ওলাই আহি দেওবাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট এনডিএত যোগদান কৰে। ইয়াৰ পিছত জেডিইউৰ সহযোগত সেই ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰে। অৱশ্যে সেই মিত্ৰজোঁটৰ চৰকাৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতেশ কুমাৰ।

সোমবাৰে পুৱা উত্তৰ দিনাজপুৰৰ সোণাপুৰৰ পৰা আৰম্ভ কৰি পুৱা ১১ বজাত নগাদ বিহাৰৰ কিষাণগঞ্জ পালেগৈ ন্যায় যাত্ৰা। ৩১ জানুৱাৰীত পুনৰ বিহাৰৰ পৰা বংগত প্ৰৱেশ কৰিব ৰাহুলৰ যাত্ৰা। মালধেৰ সুজাপুৰ হৈ তাত উপস্থিত হ’ব। ইয়াৰ পিছত ঝাৰখণ্ডত প্ৰৱেশ কৰিব ৰাহুল গান্ধী। ডেৰ-দুবছৰৰ পাছত বিহাৰ পুনৰ বিজেপিৰ নিয়ন্ত্ৰণত বিহাৰ।

Leave A Reply