Breaking

পশ্চিম দৰঙৰ নিজ সৰাবাৰীত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা

0 1,133

দৰংজিলা বিহু-কৃষ্টি পৰিষদ আৰু নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুনাচ, ঢোলবাদনৰ কৰ্মশালা সৰাবাৰী হাই স্কুল খেলপথাৰত ৷পদুলি মুখত অসমীয়া জনজীৱনৰ আয়ুস ৰেখা হেপাহৰ ৰঙালী বিহু। গছ- লতা,তৰু- তৃণ,কুলিৰ মাত, ঢোল- পেপা, গগণাৰ মাতে আনিছে বহাগ বিহুৰ বতৰা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশু , যুৱক-যুৱতী , বিহুৱা – বিহুৱতী ।ঢোল পেপা গগণাৰ মাতত ৰজনজনাইছে চৌদিশ ৷ব্যতিক্ৰম নহয় দৰং জিলাৰ বৃহত্তৰ নামখলা আৰু সৰাবাৰী গ্ৰাম্যঞ্চল ৷ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দৰং জিলা বিহু কৃষ্টি পৰিষদ আৰু নামখলা ছাত্ৰ সন্থাৰ উদ্যোগত ৫ দিনীয়াকৈ বিহুনাচ, ঢোল,পেপাঁ, গগনা, আৰু যোজনাৰ কৰ্মশালা অনুষ্ঠিত হয়।অভিজ্ঞ খ্যাতি সম্পন্ন বিহুৱতী চয়নিকা শৰ্মাই বন্তি প্ৰজ্বলনৰে সৰাবাৰী অঞ্চলৰ ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰা অনুষ্ঠানৰ শুভাৰম্ভনি কৰে।

শুভাৰম্ভনি অনুষ্ঠানত ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উপসভাপতি অপূৰ্ব শৰ্মা, মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ উপসভাপতি ধ্ৰুৱজ্যোতি দাস, নামখলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাঞ্জল কলিতা,সাধাৰন সম্পাদক বিনোদ ভাগৱতী, উপসভাপতি চিন্ময় ৰাজবংশী আৰু দৰং জিলা বিহু কৃষ্টি পৰিষদৰ বিষয়ববীয়া বিহু কলিতা, বিজয় বৰুৱাকে ধৰি বিশিষ্ট ব্যবসায়ী হেমন্ত চহৰীয়াকে ধৰি সংস্কৃতিবান ব্যক্তিয়ে অংশ গ্ৰহন কৰে ৷

Leave A Reply