Breaking

ধিঙত দহদিনীয়াকৈ আয়োজন কৰা বিহু নাচ, ঢোলবাদনৰ কৰ্মশালাৰ সফল সমাপ্তি। প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ঢোলৰ ওজা সোমনাথ বৰাই

0 1,575

এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ গ্ৰীষ্ম বন্ধৰ সময়। এই গ্ৰীষ্মবন্ধৰ সময়ছোৱাতেই ধিঙত ছাত্ৰ ছাত্ৰী সকলৰ মাজত আয়োজন কৰা হৈছে বিহু নাচ, ঢোলবাদন, পেঁপা গগনাৰ কৰ্মশালাৰ। “আৰ্হি”ৰ উদ্যোগত দহদিনীয়াকৈ আয়োজন কৰা এই বিহু নাচ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে ঢোলৰ ওজা সোমনাথ বৰা। তেওঁৰ তত্বাৱধানতেই কণ কণ শিশু সকলে বিহুৰ প্ৰশিক্ষণ গ্ৰহন কৰে।

ধিঙৰ জগন্নাথ মন্দিৰৰ সোণালী ক্ষেত্ৰত আৰম্ভ হোৱা এই কৰ্মশালাত ধিঙৰ প্ৰায় শতাধিক শিশু কিশোৰ কিশোৰীয়ে অংশ গ্ৰহন কৰিছে। অসমীয়াৰ স্বাভিমান বিহু নৃত্যক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে “আৰ্হি”য়ে হাতত লোৱা এনে পদক্ষেপক ধিং বাসী ৰাইজে শলাগ লৈছে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে দহদিনীয়া প্ৰশিক্ষণৰ অন্তত নিজৰ প্ৰতিভা বিকাশ কৰে ।

অনুষ্ঠানত ধিংৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী ,ধিঙ মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আৰু অভিভাৱকসকল উপস্থিত থাকে ।

Leave A Reply