Breaking

হোজাইৰ ডিমাছা সম্প্ৰদায়ৰ লোকে উদযাপন কৰিছে বিহু

0 2,281

হোজাই জিলাৰ ডিমাছা সকলে উদযাপন কৰিছে পৰম্পৰাগত বিহু। ভোগালী বিহুৰ বতৰত হোজাই জিলাত বসবাস কৰা ডিমাছা গাওঁসমূহতো অতি উলহ মালহেৰে উদযাপন কৰিছে বিহু। মূলত হোজাই জিলাত বসবাস কৰা ডিমাছা সম্প্ৰদায়ৰ বিভিন্ন গাওঁৰ লোকসকলে মাঘ বিহুৰ দিনাখনৰে পৰা পৰম্পৰাগত বিহু উদযাপন পৰ্ব আৰম্ভ হয়। বিশেষকৈ শিঙজুৰি, নাঙলভাঙা, বৰ্মন পথাৰ, ৰাইকটা, কোমোৰাকটা, চন্দনপূৰ, নভঙা, কেন্দুগুৰীকে আদিকৰি ডিমাছা সম্প্ৰদায়ে বসবাস কৰা গাওঁ বিশেষে বেলেগ বেলেগ দিনত বিহু উদযাপন কৰা পৰিলক্ষিত হয়।সেই মৰ্মে শনিবাৰে কোমোৰাকটা গাঁওতো ডিমাছা সকলে অতি উলহ মালহেৰে উৎযাপন কৰিছে পৰম্পৰাগত বিহু। বিহু উদযাপনৰ বাবে উদ্যোক্তা সকলে অতি সুন্দৰকৈ বাইখ (নৃত্য পৰিবেশন কৰা ঘৰ) সজাই তুলে আৰু উক্ত বাইখ ঘৰত ডিমাছা সাজ পৰিধান কৰি পুৰুষ-মহিলা, সৰু-বৰ সকলোৱে অতি আনন্দৰে ডিমাছা সকলৰ পৰম্পৰাগত বাইডিমা (পৰম্পৰাগত ডিমাছা নৃত্য) পৰিবেশন কৰে। উক্ত স্থানত হোৱা বিহুত গাওঁ তথা অনান্য অঞ্চলৰ প্ৰায় পাচঁ শতাধীক লোকে ওৰে নিশা পৰম্পৰাগত নৃত্যত অংশ গ্ৰহণ কৰে। মহামাৰি ক’ৰোনাৰ পিছত গাওঁত উদযাপন কৰা বিহুত সহস্ৰাধীক দৰ্শক লোকে অংশগ্ৰহণ কৰাত উৎফুল্লিত উদ্যোক্তা সমিটিৰ অনিতা ফুৰা আৰু চুইটি ডাউলাগুফুে ৰাইজৰ সহযোগে অনাগত দিনত আৰু দুগুনে বিহু উদযাপ কৰিবলৈ শক্তি যোগাব বুলি উল্লেখ কৰে। অনুষ্ঠানৰ শেষত ৪ টা কেটেগুৰিত শ্রেষ্ট বিজয়ী জুতিক পুৰস্কাৰ প্ৰদান কৰা হয়।

Leave A Reply