Breaking

মধ্যপ্ৰদেশৰ ভূপালত প্ৰৰ্দশিত হ’ল অসমৰ বিহু

0 2,019

অসমৰ বিহুনৃত্য প্ৰৰ্দশন হ’ল ভূপালত ।অসমৰ এক শিল্পীৰ দলে ভূপালৰ এক সাংস্কৃতিক কাৰ্যসূচীত প্ৰৰ্দশন কৰে বিহু নৃত্য। অসমৰ বিহুনৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে ভূপালবাসী ।ভূপালত যোৱা  ১১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা থকা “সংস্কৃতি আৰু প্ৰকৃতি” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰিলে নগাঁৱৰ “সুত্ৰধাৰ” নামৰ অনুষ্ঠানটোৱে। অসমক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দলটিয়ে উক্ত অনুষ্ঠানত অসমীয়াৰ স্বাভিমান বিহু পৰিৱেশন কৰাৰ লগে লগে উপস্থিত সকলো উৎফুল্লিত হৈ পৰে ।অসমৰ বিহুক ভূপালৰ সাংস্কৃতিক কাৰ্যসূচীত প্ৰৰ্দশন কৰি নগাঁৱৰ “সুত্ৰধাৰ” নামৰ অনুষ্ঠানটোৱে বিহুক চিনাকী কৰি দিয়াৰ যি প্ৰচেষ্টা চলাইছে সেইবাবে এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ।

Leave A Reply